১১৮ দিনৰ কাৰাবাসৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ আহিল ভূমি অধিকাৰ কৰ্মী প্ৰণৱ দলে। ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত গ্ৰেপ্তাৰ হোৱা দলেৰ আটকাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰাৰ পিছতে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে।

মুক্তিৰ পিছতে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰণৱ দলেয়ে অসমৰ জনগণক ধন্যবাদ জনায়। তেওঁৰ মতে, গণতন্ত্ৰ ৰক্ষাৰ বাবে যিসকলে তেওঁৰ হৈ মাত মাতিছিল, এয়া তেওঁলোকৰো জয়।

দলেয়ে কয়, “মিছাৰ কেতিয়াও জয় হ’ব নোৱাৰে। এয়া অসমৰ জনগণৰ জয়। আমাৰ কাৰণে যুঁজি যোৱা সাহসী অধিবক্তাসকলৰ জয়, সাংবাদিক মহলৰ জয়।”

এন এছ এৰ দৰে কঠোৰ আইন ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাৰ আহ্বান জনাই তেওঁ কয় যে কোনো নিৰীহ ব্যক্তিৰ ওপৰত এনে আইন বলপূৰ্বকভাৱে জাপি দিয়া উচিত নহয়। অসমৰ কোনো লোকৰ বিৰুদ্ধে অন্যায়ভাৱে এনে আইন প্ৰয়োগ কৰা হ’লে সকলোৱে একত্ৰিত হৈ তাৰ বিৰুদ্ধে মাত মাতিব লাগিব বুলিও তেওঁ মন্তব্য কৰে।

তেওঁৰ মতে, সংবিধানে নাগৰিকক সুৰক্ষা দিয়াৰ লগতে নিজৰ মত প্ৰকাশৰ অধিকাৰ প্ৰদান কৰিছে। সেই অধিকাৰ খৰ্ব কৰি এন এছ এৰ দৰে আইন প্ৰয়োগ কৰি মানুহক আৱদ্ধ কৰি ৰখাটো ভুল।

কাৰাবাসৰ বাবে দায়ী বুলি ভবা সংশ্লিষ্ট মন্ত্ৰী আৰু আৰক্ষী বিষয়াসকলক গণতন্ত্ৰক সন্মান কৰিবলৈ আহ্বান জনায় প্ৰণৱ দলেয়ে। তেওঁ কয় যে টিংলে পথাৰ, কাজিৰঙা আৰু অসমৰ বিভিন্ন ঠাইত ভূমি অধিকাৰৰ বাবে সংগ্ৰাম কৰি থকা লোকসকলৰ কণ্ঠ সংবাদ মাধ্যমে তুলি ধৰাৰ চেষ্টা কৰিছে।

মুক্তিৰ পিছত দলেয়ে পুনৰ কয় যে গীতা গোৱালা আৰু মীনা গোৱালাৰ দৰে মহিলাৰ কাষত থিয় দিয়াটো যদি অপৰাধ বুলি গণ্য কৰা হয়, তেন্তে অসমৰ জনগণৰ অধিকাৰৰ বাবে তেওঁ পুনৰ মাত মাতি যাব।