ৰঙিয়াৰ বৰলীয়া নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী অচিনাক্ত পুৰুষৰ মৃতদেহ।
ৰঙিয়া, ৩০ অক্টোবৰ: ৰঙিয়াৰ বৰলীয়া নৈত উদ্ধাৰ হৈছে এগৰাকী অচিনাক্ত পুৰুষৰ মৃতদেহ।
স্থানীয় ৰাইজে নৈৰ পানীত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
বৰ্তমানলৈকে মৃত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।
এয়া আত্মহত্যা, দুৰ্ঘটনা নে আন কোনো কাৰণত মৃত্যু হৈছে, সেই সন্দৰ্ভত এতিয়াও নিশ্চিত তথ্য পোৱা হোৱা নাই।
newznow.in