ৰঙিয়া, ৩০ অক্টোবৰ: ৰঙিয়াৰ বৰলীয়া নৈত উদ্ধাৰ হৈছে এগৰাকী অচিনাক্ত পুৰুষৰ মৃতদেহ। নৈৰ পানীত মৃতদেহটো উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

স্থানীয় ৰাইজে নৈৰ পানীত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

বৰ্তমানলৈকে মৃত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। একেদৰে তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণো স্পষ্ট হোৱা নাই।

এয়া আত্মহত্যা, দুৰ্ঘটনা নে আন কোনো কাৰণত মৃত্যু হৈছে, সেই সন্দৰ্ভত এতিয়াও নিশ্চিত তথ্য পোৱা হোৱা নাই। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পিছতহে লোকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।