চাহ শ্ৰমিকৰ ভূমিৰ অধিকাৰ, মজুৰি বৃদ্ধি আৰু জনজাতিকৰণৰ দাবীত কলিয়াবৰৰ দুখন চাহ বাগিচাত আটছাই প্ৰতিবাদ সাব্যস্ত কৰে।
কলিয়াবৰ: চাহ শ্ৰমিকসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰি কলিয়াবৰৰ দুখন চাহ বাগিচাত প্ৰতিবাদ সাব্যস্ত কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা)।
বিজেপি নেতৃত্বাধীন অসম চৰকাৰে চাহ জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ, মজুৰি বৃদ্ধি আৰু অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰে আটছাই।
চিলঘাটৰ কলিয়াবৰ চাহ বাগিচাত পুৱাৰ ভাগতে আটছাৰ সদস্যসকলে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
আনহাতে, কুঠৰিস্থিত জগদম্বা চাহ বাগিচাৰ কাৰখানাৰ সন্মুখতো আটছাৰ কুঠৰি উপ-শাখাই প্ৰতিবাদ সাব্যস্ত কৰে।
newznow.in