কলিয়াবৰ: চাহ শ্ৰমিকসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰি কলিয়াবৰৰ দুখন চাহ বাগিচাত প্ৰতিবাদ সাব্যস্ত কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা)। ৭ নৱেম্বৰত চিলঘাটস্থিত কলিয়াবৰ চাহ বাগিচা আৰু কুঠৰিস্থিত জগদম্বা চাহ বাগিচাত সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
বিজেপি নেতৃত্বাধীন অসম চৰকাৰে চাহ জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ, মজুৰি বৃদ্ধি আৰু অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰে আটছাই।
চিলঘাটৰ কলিয়াবৰ চাহ বাগিচাত পুৱাৰ ভাগতে আটছাৰ সদস্যসকলে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। নিৰ্বাচনৰ সময়ত চাহ শ্ৰমিকসকলক ভূমিৰ পট্টা আৰু মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও চৰকাৰ গঠনৰ পিছত সেই প্ৰতিশ্ৰুতি পালন কৰা নাই বুলি সংগঠনটোৱে অভিযোগ কৰে।
আনহাতে, কুঠৰিস্থিত জগদম্বা চাহ বাগিচাৰ কাৰখানাৰ সন্মুখতো আটছাৰ কুঠৰি উপ-শাখাই প্ৰতিবাদ সাব্যস্ত কৰে। চাহ শ্ৰমিকৰ ভূমিৰ মালিকীস্বত্ব, চাহ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু দৈনিক মজুৰি বৃদ্ধিৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।
প্ৰতিবাদৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত আৰু ৰাজ্যৰ শ্ৰম মন্ত্ৰীৰ বিৰুদ্ধে শ্লোগান দিয়ে সংগঠনটোৰ সদস্যসকলে। জগদম্বা চাহ বাগিচাৰ প্ৰতিবাদৰ পিছতে আটছাই বাগিচা পৰিচালকৰ হাতত এখন স্মাৰক-পত্ৰও প্ৰদান কৰে।