জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা ‘দুমুখীয়া শিল্পী’জন তেওঁ নহয় বুলি স্পষ্ট কৰিলে মানস ৰবিনে।
গুৱাহাটী, ৭ নৱেম্বৰ: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ পিছত সৃষ্টি হোৱা বিতৰ্কৰ মাজতে নিজৰ স্থিতি স্পষ্ট কৰিছে শিল্পী মানস ৰবিনে।
মানস ৰবিনে কয় যে, মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছত সামাজিক মাধ্যম আৰু একাংশ সংবাদ মাধ্যমত তেওঁক সেই ‘দুমুখীয়া শিল্পী’ বুলি চিনাক্ত কৰা হৈছে।
শিল্পীগৰাকীয়ে স্পষ্ট কৰে যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত নিজৰ অভিযোগ দাখিল কৰিবলৈহে তেওঁ বিশেষ তদন্তকাৰী দলৰ ওচৰলৈ গৈছিল।
সংবাদমেলত মানস ৰবিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কেইবাটাও মন্তব্যক লৈও প্ৰশ্ন উত্থাপন কৰে।
newznow.in