গুৱাহাটী, ৭ নৱেম্বৰ: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ পিছত সৃষ্টি হোৱা বিতৰ্কৰ মাজতে নিজৰ স্থিতি স্পষ্ট কৰিছে শিল্পী মানস ৰবিনে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা ‘দুমুখীয়া শিল্পী’জন তেওঁ নহয় বুলি দাবী কৰি সংবাদমেলযোগে নিজৰ বক্তব্য প্ৰকাশ কৰে শিল্পীগৰাকীয়ে।
মানস ৰবিনে কয় যে, মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছত সামাজিক মাধ্যম আৰু একাংশ সংবাদ মাধ্যমত তেওঁক সেই ‘দুমুখীয়া শিল্পী’ বুলি চিনাক্ত কৰা হৈছে। আনকি এটা প্ৰতিষ্ঠিত সংবাদ মাধ্যমে বিশেষ সূত্ৰৰ উদ্ধৃতি দি তেওঁৰ নাম প্ৰকাশ কৰা বুলিও তেওঁ উল্লেখ কৰে। এনে প্ৰচাৰত তেওঁ ক্ষোভ প্ৰকাশ কৰে।
শিল্পীগৰাকীয়ে স্পষ্ট কৰে যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত নিজৰ অভিযোগ দাখিল কৰিবলৈহে তেওঁ বিশেষ তদন্তকাৰী দলৰ ওচৰলৈ গৈছিল। কিন্তু আদালতলৈ তেওঁক আজিলৈকে মতা হোৱা নাই। সেয়েহে বিশেষ তদন্তকাৰী দলৰ আগত এটা আৰু আদালতত আন এটা বক্তব্য দিয়াৰ প্ৰশ্নই নুঠে বুলি তেওঁ দাবী কৰে।
সংবাদমেলত মানস ৰবিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কেইবাটাও মন্তব্যক লৈও প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ মতে, অসমত থকা ১৬৫জন বা তাতকৈ অধিক সাক্ষীয়ে কি কৈছে, তাৰ ওপৰত নিৰ্ভৰ কৰিয়েই ছিংগাপুৰত সংঘটিত ঘটনাৰ ন্যায়িক সিদ্ধান্ত লোৱা উচিত নহয়। সেই সময়ত ছিংগাপুৰত উপস্থিত থকা সাক্ষীসকলৰ বক্তব্যহে অধিক গুৰুত্বপূৰ্ণ হ'ব লাগে বুলি তেওঁ মত প্ৰকাশ কৰে।
তেওঁ লগতে প্ৰশ্ন কৰে যে, কোনো শিল্পীয়ে যদি জুবিন গাৰ্গৰ ভুল আছিল বুলি মন্তব্য কৰাৰ ফলত গোচৰটো দুৰ্বল হয় বুলি কোৱা হয়, তেন্তে আন কোনো শিল্পীয়ে বিপৰীত মন্তব্য কৰিলে গোচৰটোৰ ওপৰত তাৰ প্ৰভাৱ কি হ'ব? এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে স্পষ্ট উত্তৰ দিব লাগে বুলিও তেওঁ মন্তব্য কৰে।
মানস ৰবিনে কয় যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ চলি থকা ৰাজনৈতিক বিতৰ্ক আৰু বক্তব্য-প্ৰতিবক্তব্যত শিল্পীগৰাকীৰ নাম ব্যৱহাৰ কৰাটো উচিত নহয়। জুবিনৰ ন্যায়ৰ বাবে সকলোৱে একত্ৰিত হোৱাৰ আহ্বান জনাই তেওঁ অহা ২২ নৱেম্বৰত খানাপাৰা খেলপথাৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ আহ্বান জনায়। অৱশ্যে, সভাখনৰ বাবে তেওঁ এতিয়ালৈকে প্ৰশাসনৰ অনুমতি লাভ কৰা নাই বুলি সংবাদমেলত উল্লেখ কৰে।