জুবিন গাৰ্গৰ মৃত্যুৰ এবছৰ পাছতো ন্যায়ৰ দিশত অগ্ৰগতি নোহোৱাৰ অভিযোগ তুলি খানাপাৰাত ৰাজহুৱা সমাৱেশৰ আহ্বান জনাইছে মানস ৰবিনে।
এক সংবাদমেলত মানস ৰবিনে কয় যে জুবিন গাৰ্গক অসমৰ কোনো মানুহে বেয়া নাপায়।
অসমৰ সকলো প্ৰান্তৰ ৰাইজৰ লগতে বিশেষকৈ যুৱ প্ৰজন্ম, কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ২২ নৱেম্বৰত খানাপাৰাত উপস্থিত থাকিবলৈ আহ্বান জনায় মানস ৰবিনে।
জুবিন গাৰ্গক ৰাজনৈতিকৰ কৰা হৈছে বুলিও শিল্পীগৰাকীয়ে অভিযোগ কৰে।
সমাৱেশত মুখামুখিকৈ বহি আলোচনা কৰাৰ লগতে জুবিন গাৰ্গৰ নামত ভাল কাম কৰাৰ বাবে কিবা এটা সিদ্ধান্ত গ্ৰহণৰ পৰিকল্পনা আছে বুলি মানস ৰবিনে জনায়।
newznow.in