জুবিন গাৰ্গৰ মৃত্যুৰ এবছৰ পাছতো ন্যায়ৰ দিশত বিশেষ অগ্ৰগতি নোহোৱাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি ২২ নৱেম্বৰত গুৱাহাটীৰ খানাপাৰা খেলপথাৰত এক ৰাজহুৱা সমাৱেশৰ আহ্বান জনাইছে শিল্পী মানস ৰবিনে।
এক সংবাদমেলত মানস ৰবিনে কয় যে জুবিন গাৰ্গক অসমৰ কোনো মানুহে বেয়া নাপায়। তেওঁৰ মতে, জুবিন গাৰ্গৰ বাবে ৰাইজে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল যদিও এবছৰ পাৰ হৈ যোৱাৰ পাছতো চৰকাৰ, ৰাইজ অথবা শিল্পী সমাজে বিশেষ একো কৰিব পৰা নাই।
অসমৰ সকলো প্ৰান্তৰ ৰাইজৰ লগতে বিশেষকৈ যুৱ প্ৰজন্ম, কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ২২ নৱেম্বৰত খানাপাৰাত উপস্থিত থাকিবলৈ আহ্বান জনায় মানস ৰবিনে। লখিমপুৰ, ধেমাজিৰ পৰা ধুবুৰী, শদিয়া, কাৰ্বি আংলং আৰু ডিমা হাছাওলৈকে সকলোকে এই সমাৱেশত অংশগ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।
জুবিন গাৰ্গক ৰাজনৈতিকৰ কৰা হৈছে বুলিও শিল্পীগৰাকীয়ে অভিযোগ কৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লোকসকলে বহু কথা মুকলিকৈ ক'ব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ কয় যে, তেওঁলোকে কোনো বাধা বা ভয় নোহোৱাকৈ মুকলিকৈ আলোচনা কৰিব পাৰে।
সমাৱেশত মুখামুখিকৈ বহি আলোচনা কৰাৰ লগতে জুবিন গাৰ্গৰ নামত ভাল কাম কৰাৰ বাবে কিবা এটা সিদ্ধান্ত গ্ৰহণৰ পৰিকল্পনা আছে বুলি মানস ৰবিনে জনায়।
অৱশ্যে ২২ নৱেম্বৰৰ কাৰ্যসূচীৰ বাবে প্ৰশাসনৰ পৰা এতিয়ালৈকে অনুমতি লাভ কৰা নাই বুলি সংবাদমেলত স্পষ্ট কৰে মানস ৰবিনে। তেওঁ জনোৱা মতে, অনুমতি বিচাৰি আবেদন কৰা হৈছে। অসমৰ স্বাৰ্থত আৰু জুবিন গাৰ্গক ভাল পোৱা ৰাইজৰ স্বাৰ্থত প্ৰশাসনে অনুমতি দিব লাগিব বুলিও তেওঁ মন্তব্য কৰে।