অসম

উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপনৰ দাবীত ধুবুৰীত কংগ্ৰেছৰ জিলা আয়ুক্তক স্মাৰক-পত্ৰ প্ৰদান

NewzNow · ৭ নৱেম্বৰ ২০২৬

১ / ৫

ধুবুৰীৰ আলমগঞ্জ নৱম খণ্ডত উচ্ছেদ অভিযানৰ পাছত কংগ্ৰেছৰ চাৰিজন বিধায়কে জিলা আয়ুক্তক স্মাৰক-পত্ৰ দিছে।

২ / ৫

ধুবুৰী, ৭ নৱেম্বৰঃ ধুবুৰী জিলাৰ আলমগঞ্জ নৱম খণ্ডত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ পাছত গৃহহীন হোৱা পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ দাবীত সৰৱ হৈ পৰিছে বিৰোধী কংগ্ৰেছ।

৩ / ৫

স্মাৰক-পত্ৰখনত উচ্ছেদৰ ফলত গৃহহীন হোৱা পৰিয়ালসমূহক জৰুৰীভাৱে খাদ্য, খোৱাপানী আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰাৰ লগতে স্থায়ী পুনৰ সংস্থাপন নিশ্চিত কৰিবলৈ দাবী জনোৱা হয়।

৪ / ৫

প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়া ৱাজেদ আলী চৌধুৰীয়ে এই বিষয়ত এআইইউডিএফক সমালোচনা কৰে।

৫ / ৫

জিলা আয়ুক্তক সাক্ষাৎ কৰা প্ৰতিনিধি দলটোত ৱাজেদ আলী চৌধুৰীৰ উপৰি আব্দুছ ছোবহান আলী সৰকাৰ, বেবী বেগম আৰু আশ্ৰাফুল ইছলাম সেখ উপস্থিত থাকে।

উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপনৰ দাবীত ধুবুৰীত কংগ্ৰেছৰ জিলা আয়ুক্তক স্মাৰক-পত্ৰ প্ৰদান

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক