ধুবুৰী, ৭ নৱেম্বৰঃ ধুবুৰী জিলাৰ আলমগঞ্জ নৱম খণ্ডত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ পাছত গৃহহীন হোৱা পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ দাবীত সৰৱ হৈ পৰিছে বিৰোধী কংগ্ৰেছ। উচ্ছেদিত পৰিয়ালসমূহক জৰুৰী সাহায্য প্ৰদান আৰু স্থায়ীভাৱে পুনৰ সংস্থাপনৰ দাবীত অসম বিধানসভাৰ বিৰোধী দলপতি তথা বিৰসিং জৰুৱা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত কংগ্ৰেছৰ চাৰিজনীয়া বিধায়কৰ প্ৰতিনিধি দলে ধুবুৰীৰ জিলা আয়ুক্তক সাক্ষাৎ কৰি স্মাৰক-পত্ৰ প্ৰদান কৰে।

স্মাৰক-পত্ৰখনত উচ্ছেদৰ ফলত গৃহহীন হোৱা পৰিয়ালসমূহক জৰুৰীভাৱে খাদ্য, খোৱাপানী আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰাৰ লগতে স্থায়ী পুনৰ সংস্থাপন নিশ্চিত কৰিবলৈ দাবী জনোৱা হয়। ইয়াৰ উপৰি উচ্ছেদিত এলেকাত থকা কবৰস্থান আৰু মাজাৰসমূহ সংৰক্ষণৰ বাবেও প্ৰশাসনৰ হস্তক্ষেপ বিচাৰে কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে।

প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়া ৱাজেদ আলী চৌধুৰীয়ে এই বিষয়ত এআইইউডিএফক সমালোচনা কৰে। তেওঁৰ অভিযোগ, উচ্ছেদিত এলেকাত এআইইউডিএফে অপপ্ৰচাৰ চলাইছে। আনহাতে, কংগ্ৰেছ দল আৰু কৰ্মীসকল উচ্ছেদিত পৰিয়ালসমূহৰ কাষত আছে বুলি দাবী কৰি তেওঁলোকৰ ন্যায়ৰ বাবে আইনী আৰু ৰাজনৈতিকভাৱে যুঁজ অব্যাহত ৰখাৰ কথা ঘোষণা কৰে।

জিলা আয়ুক্তক সাক্ষাৎ কৰা প্ৰতিনিধি দলটোত ৱাজেদ আলী চৌধুৰীৰ উপৰি আব্দুছ ছোবহান আলী সৰকাৰ, বেবী বেগম আৰু আশ্ৰাফুল ইছলাম সেখ উপস্থিত থাকে।

উচ্ছেদ অভিযানৰ পাছৰে পৰা অঞ্চলটোত সৃষ্টি হোৱা পৰিস্থিতিক লৈ স্থানীয় লোকৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে। উচ্ছেদিত লোকসকলৰ মৌলিক অধিকাৰ আৰু ন্যায় নিশ্চিত নোহোৱালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ কথা প্ৰকাশ কৰিছে কংগ্ৰেছে।