বিজেপি অসম প্ৰদেশ মহিলা মৰ্চাৰ নৱনিযুক্ত সভানেত্ৰী পূৰবী ৰয়ে গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে।
গুৱাহাটী, ৩০ অক্টোবৰ: ভাৰতীয় জনতা পাৰ্টি (BJP) অসম প্ৰদেশ মহিলা মৰ্চাৰ নৱনিযুক্ত সভানেত্ৰী শ্ৰীমতী পূৰবী ৰয়ে আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে ভক্ত-বৈষ্ণৱৰ উপস্থিতিত ভগৱানৰ নাম-কীৰ্তনেৰে কাৰ্যালয়ৰ পৰিৱেশ মুখৰিত হৈ পৰে।
দায়িত্ব অৰ্পণ কৰি নীলিমা দেৱীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টিত কোনো দায়িত্ব স্থায়ী নহয়।
অনুষ্ঠানত উপস্থিত বিজেপি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াই নৱনিযুক্ত সভানেত্ৰীগৰাকীক অভিনন্দন আৰু শুভেচ্ছা জনায়।
newznow.in