গুৱাহাটী, ৩০ অক্টোবৰ: ভাৰতীয় জনতা পাৰ্টি (BJP) অসম প্ৰদেশ মহিলা মৰ্চাৰ নৱনিযুক্ত সভানেত্ৰী শ্ৰীমতী পূৰবী ৰয়ে আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত এক আধ্যাত্মিক আৰু মাংগলিক পৰিৱেশত অনুষ্ঠিত হয় এই দায়িত্ব গ্ৰহণ অনুষ্ঠান।

অনুষ্ঠানৰ আৰম্ভণিতে ভক্ত-বৈষ্ণৱৰ উপস্থিতিত ভগৱানৰ নাম-কীৰ্তনেৰে কাৰ্যালয়ৰ পৰিৱেশ মুখৰিত হৈ পৰে। ইয়াৰ পিছতে বিজেপি অসম প্ৰদেশ মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী তথা অসম চৰকাৰৰ মন্ত্ৰী নীলিমা দেৱীয়ে নৱনিযুক্ত সভানেত্ৰী পূৰবী ৰয়ক আনুষ্ঠানিকভাৱে দায়িত্বভাৰ অৰ্পণ কৰে।

দায়িত্ব অৰ্পণ কৰি নীলিমা দেৱীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টিত কোনো দায়িত্ব স্থায়ী নহয়। নিৰ্দিষ্ট সময়ৰ অন্তত সাংগঠনিক পৰম্পৰা অনুসৰি দায়িত্বসমূহ নতুন ব্যক্তিৰ হাতত অৰ্পণ কৰা হয়। পূৰবী ৰয়ক এগৰাকী সুদক্ষ, অভিজ্ঞ আৰু দলৰ প্ৰতি সমৰ্পিত কৰ্মী বুলি উল্লেখ কৰি তেওঁৰ নেতৃত্বত মহিলা মৰ্চা অধিক শক্তিশালী হ'ব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত উপস্থিত বিজেপি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াই নৱনিযুক্ত সভানেত্ৰীগৰাকীক অভিনন্দন আৰু শুভেচ্ছা জনায়। তেওঁ কয় যে ৰাজ্যৰ মহিলাসকলক সু-সংগঠিত কৰাৰ লগতে আত্মনিৰ্ভৰশীল আৰু আত্মবিশ্বাসী কৰি তোলাৰ ক্ষেত্ৰত মহিলা মৰ্চাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিকশিত অসম গঢ়াৰ যাত্ৰাত মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ ক্ষেত্ৰতো মহিলা মৰ্চাই শক্তিশালী ভূমিকা গ্ৰহণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

আনহাতে, নতুন দায়িত্ব গ্ৰহণ কৰি পূৰবী ৰয়ে দলৰ জ্যেষ্ঠ-কনিষ্ঠ সতীৰ্থ, নেতৃত্ব, কৰ্মকৰ্তা আৰু শুভাকাংক্ষীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। অনাগত দিনত মহিলা মৰ্চাৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় আৰু সু-সংগঠিত কৰাৰ লগতে ৰাজ্যৰ মহিলাসকলক আত্মনিৰ্ভৰশীল, স্বাৱলম্বী আৰু সবল কৰি তোলাৰ বাবে কাম কৰি যাব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

নতুন সভানেত্ৰীগৰাকীয়ে সাংগঠনিক যাত্ৰা সফল কৰি তুলিবলৈ দলৰ জ্যেষ্ঠ নেতৃত্ব, সতীৰ্থ আৰু প্ৰতিগৰাকী কৰ্মকৰ্তাৰ সহযোগিতা, পৰামৰ্শ আৰু আশীৰ্বাদো কামনা কৰে।