খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপত বস্তাৰ ভিতৰত ১২ দিন ধৰি সন্ধানহীন হৈ থকা জীনা বৈশ্যৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ।
গুৱাহাটী, ৭ নৱেম্বৰ: মহানগৰীৰ খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপত শনিবাৰে বস্তাৰ ভিতৰত কইনাধৰাৰ বাসিন্দা জীনা বৈশ্য নামৰ এগৰাকী মহিলাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হয়।
স্থানীয় লোকে পুৱা প্ৰায় ১১.১৫ বজাত পৰিত্যক্ত অৱস্থাত থকা বস্তাটোৰ পৰা মানুহৰ ভৰি ওলাই থকা দেখি আৰক্ষীক খবৰ দিয়ে।
প্ৰায় ৩৮ বছৰীয়া জীনা বৈশ্যৰ সন্ধান নাপাই পৰিয়ালৰ লোকে বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।
ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া আৰু ফৰেনছিক বিশেষজ্ঞৰ দল উপস্থিত হৈ নমুনা সংগ্ৰহ কৰে।
newznow.in