গুৱাহাটী, ৭ নৱেম্বৰ: মহানগৰীৰ খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপত শনিবাৰে বস্তাৰ ভিতৰত কইনাধৰাৰ বাসিন্দা জীনা বৈশ্য নামৰ এগৰাকী মহিলাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হয়। মহিলাগৰাকী প্ৰায় ১২ দিন ধৰি সন্ধানহীন হৈ আছিল।

স্থানীয় লোকে পুৱা প্ৰায় ১১.১৫ বজাত পৰিত্যক্ত অৱস্থাত থকা বস্তাটোৰ পৰা মানুহৰ ভৰি ওলাই থকা দেখি আৰক্ষীক খবৰ দিয়ে। পাছত দিছপুৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বস্তাটোৰ ভিতৰৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে। পৰিয়ালৰ লোকে মৃতদেহটো জীনা বৈশ্যৰ বুলি চিনাক্ত কৰে।

প্ৰায় ৩৮ বছৰীয়া জীনা বৈশ্যৰ সন্ধান নাপাই পৰিয়ালৰ লোকে বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। পৰিয়ালৰ ভাষ্য অনুসৰি, হাস্পতাললৈ যোৱাৰ কথা কৈ মহিলাগৰাকী ঘৰৰ পৰা ওলাই গৈছিল। স্বামী জিতু বৈশ্যই জনোৱা মতে, তেওঁ দেওবাৰে দুপৰীয়া ভনীয়েকৰ সৈতে ই এছ আই চি হাস্পতালত থাকিব বুলি জনাইছিল। কিন্তু পৰৱৰ্তী সময়ত খবৰ লৈ পৰিয়ালে জানিব পাৰে যে মহিলাগৰাকী হাস্পতালখনলৈ যোৱা নাছিল।

ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া আৰু ফৰেনছিক বিশেষজ্ঞৰ দল উপস্থিত হৈ নমুনা সংগ্ৰহ কৰে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

ইফালে, জিতু বৈশ্যৰ অভিযোগ, জীনা বৈশ্যক যৌন নিৰ্যাতন চলোৱাৰ পাছত হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। অৱশ্যে আৰক্ষীৰ তদন্তত এই অভিযোগৰ সত্যতা এতিয়াও নিশ্চিত হোৱা নাই। মহিলাগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু ঘটনাৰ আঁৰৰ সকলো তথ্য মৰণোত্তৰ পৰীক্ষা আৰু তদন্তৰ পাছতহে স্পষ্ট হ'ব। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

প্ৰকাশিত তথ্য অনুসৰি, জীনা বৈশ্য মেঘালয়ৰ তীৰ খেলৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে। অৱশ্যে এই বিষয়টোৰ সৈতে তেওঁৰ মৃত্যুৰ কোনো সম্পৰ্ক আছে নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে ঘটনাৰ সকলো সম্ভাৱ্য দিশ পৰীক্ষা কৰি আছে।