গুৱাহাটী প্ৰেছ ক্লাব আৰু ইনলি ফাউণ্ডেচনৰ উদ্যোগত প্ৰয়াত লীলাৱতী দাস সোঁৱৰণী আন্তঃসংবাদ মাধ্যম কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়।
গুৱাহাটী, ৭ নৱেম্বৰঃ গুৱাহাটী প্ৰেছ ক্লাব আৰু ইনলি ফাউণ্ডেচনৰ উদ্যোগত শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ আমবাৰীস্থিত চৌহদত প্ৰয়াত লীলাৱতী দাস সোঁৱৰণী আন্তঃসংবাদ মাধ্যম একক আৰু দ্বৈত কবিতা…
বাতৰিৰ ব্যস্ততাপূৰ্ণ কৰ্মজীৱনৰ মাজতো সাংবাদিকসকলৰ সাহিত্য-সংস্কৃতিৰ চৰ্চা আৰু সৃষ্টিশীল প্ৰতিভাৰ বিকাশৰ লক্ষ্যৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।
বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই প্ৰতিযোগিতাখন উদ্বোধন কৰে।
গুৱাহাটী প্ৰেছ ক্লাবৰ সাংস্কৃতিক সম্পাদক সমীৰণ বৰঠাকুৰে আঁত ধৰা প্ৰতিযোগিতাখনত বিচাৰকৰ দায়িত্ব পালন কৰে ভূপেন চক্ৰৱৰ্তী, ডাঃ অৱনী চৌধুৰী আৰু চিন্ময়ী গোস্বামীয়ে।
newznow.in