গুৱাহাটী, ৭ নৱেম্বৰঃ গুৱাহাটী প্ৰেছ ক্লাব আৰু ইনলি ফাউণ্ডেচনৰ উদ্যোগত শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ আমবাৰীস্থিত চৌহদত প্ৰয়াত লীলাৱতী দাস সোঁৱৰণী আন্তঃসংবাদ মাধ্যম একক আৰু দ্বৈত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনত দুই কুৰিৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

বাতৰিৰ ব্যস্ততাপূৰ্ণ কৰ্মজীৱনৰ মাজতো সাংবাদিকসকলৰ সাহিত্য-সংস্কৃতিৰ চৰ্চা আৰু সৃষ্টিশীল প্ৰতিভাৰ বিকাশৰ লক্ষ্যৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰায় প্ৰতিটো সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই প্ৰতিযোগিতাখন উদ্বোধন কৰে। প্ৰয়াত লীলাৱতী দাসৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে তেওঁৰ স্বামী ললিত চন্দ্ৰ দাসে। গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই আদৰণি ভাষণ প্ৰদান কৰি প্ৰতিযোগীসকলক শুভেচ্ছা জনায়। ইনলি ফাউণ্ডেচনৰ অধ্যক্ষ ইন্দ্ৰজিৎ দাসে অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে।

গুৱাহাটী প্ৰেছ ক্লাবৰ সাংস্কৃতিক সম্পাদক সমীৰণ বৰঠাকুৰে আঁত ধৰা প্ৰতিযোগিতাখনত বিচাৰকৰ দায়িত্ব পালন কৰে ভূপেন চক্ৰৱৰ্তী, ডাঃ অৱনী চৌধুৰী আৰু চিন্ময়ী গোস্বামীয়ে।

একক আবৃত্তি শাখাত আকাশবাণী গুৱাহাটীৰ কস্তুৰীমা দাসে প্ৰথম, একেটা প্ৰতিষ্ঠানৰ আশাদীপা শইকীয়াই দ্বিতীয় আৰু কাকলি বৰা দেউৰীয়ে তৃতীয় স্থান লাভ কৰে। এন কে টিভিৰ পাৰ্থ প্ৰতীম শৰ্মাই চতুৰ্থ আৰু এন ই ভাৰতৰ কৰৱী হাজৰিকাই পঞ্চম স্থান লাভ কৰে।

আনহাতে, দ্বৈত আবৃত্তি শাখাত আকাশবাণী গুৱাহাটীৰ স্মিতা গোস্বামী আৰু ভাৰ্গৱ কলিতাৰ যুটিয়ে প্ৰথম স্থান লাভ কৰে। নিউজ ১৮ৰ ঝুনাকংকন ভূঞা আৰু পৰিস্মিতা গোস্বামীৰ যুটিয়ে দ্বিতীয়, আছাম টকছৰ ভাস্কৰ শইকীয়া আৰু মুনমুন কলিতাৰ যুটিয়ে তৃতীয় স্থান লাভ কৰে। প্ৰথম খবৰৰ মনিষা কলিতা আৰু জিতেন চুতীয়াৰ যুটিয়ে চতুৰ্থ স্থান লাভ কৰে।

বঁটা বিতৰণী অনুষ্ঠানত বিশিষ্ট সাংবাদিক প্ৰাণজিৎ শইকীয়া, বেদব্ৰত মিশ্ৰ আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতা উপস্থিত থাকে।