উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিছে যে পাৰস্পৰিক সন্মতিত গঢ়ি উঠা সম্পৰ্ক ভাঙি যোৱাৰ পিছত পূৰ্বৰ শাৰীৰিক সম্পৰ্কক কেৱল সেই কাৰণতে ধৰ্ষণ বুলি ক’ব নোৱাৰি।
নতুন দিল্লী, ৩০ অক্টোবৰ: পাৰস্পৰিক সন্মতিত গঢ়ি উঠা সম্পৰ্ক ভাঙি যোৱাৰ পিছত পূৰ্বৰ শাৰীৰিক সম্পৰ্কক কেৱল সেই কাৰণতে ধৰ্ষণ বুলি অভিহিত কৰিব নোৱাৰি।
ন্যায়াধীশ বি ভি নাগৰত্না আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে কেৰালাৰ বাসিন্দা সন্তোষ কুমাৰ এন পিক ধৰ্ষণ আৰু প্ৰতাৰণাৰ অভিযোগৰ পৰা মুক্ত কৰি এই পৰ্যবেক্ষণ আগবঢ়ায়।
আদালতে কয়, কোনো সম্পৰ্কৰ সময়ছোৱাত দুয়োপক্ষৰ সন্মতিত হোৱা শাৰীৰিক সম্পৰ্কক পৰৱৰ্তী সময়ত সম্পৰ্ক ভাঙি যোৱাৰ কাৰণ দেখুৱাই ধৰ্ষণৰ অভিযোগলৈ ৰূপান্তৰ কৰিব নোৱাৰি।
বিচাৰপীঠে উল্লেখ কৰে যে, সম্পৰ্ক ভাঙি যোৱাৰ পিছত পূৰ্বৰ সন্মতিসূচক সম্পৰ্কক পিছলৈ অপৰাধ হিচাপে গণ্য কৰাটো উচিত নহয়।
newznow.in