নতুন দিল্লী, ৩০ অক্টোবৰ: পাৰস্পৰিক সন্মতিত গঢ়ি উঠা সম্পৰ্ক ভাঙি যোৱাৰ পিছত পূৰ্বৰ শাৰীৰিক সম্পৰ্কক কেৱল সেই কাৰণতে ধৰ্ষণ বুলি অভিহিত কৰিব নোৱাৰি। শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণত এই কথা প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে।
ন্যায়াধীশ বি ভি নাগৰত্না আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে কেৰালাৰ বাসিন্দা সন্তোষ কুমাৰ এন পিক ধৰ্ষণ আৰু প্ৰতাৰণাৰ অভিযোগৰ পৰা মুক্ত কৰি এই পৰ্যবেক্ষণ আগবঢ়ায়।
আদালতে কয়, কোনো সম্পৰ্কৰ সময়ছোৱাত দুয়োপক্ষৰ সন্মতিত হোৱা শাৰীৰিক সম্পৰ্কক পৰৱৰ্তী সময়ত সম্পৰ্ক ভাঙি যোৱাৰ কাৰণ দেখুৱাই ধৰ্ষণৰ অভিযোগলৈ ৰূপান্তৰ কৰিব নোৱাৰি। অৱশ্যে আৰম্ভণিৰ পৰাই প্ৰতাৰণা, জালিয়াতি বা ভুল তথ্যৰ জৰিয়তে সন্মতি আদায় কৰা ঘটনাক ইয়াৰ সৈতে একে দৃষ্টিৰে চাব নোৱাৰি।
বিচাৰপীঠে উল্লেখ কৰে যে, সম্পৰ্ক ভাঙি যোৱাৰ পিছত পূৰ্বৰ সন্মতিসূচক সম্পৰ্কক পিছলৈ অপৰাধ হিচাপে গণ্য কৰাটো উচিত নহয়। এনে ঘটনাই অভিযুক্তৰ ব্যক্তিগত স্বাধীনতা আৰু সন্মানৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে।
আদালতে লগতে কয় যে, কোনো ব্যক্তিয়ে সন্মতিসূচক সম্পৰ্কৰ পৰা আঁতৰি অহাৰ অধিকাৰ আছে। সম্পৰ্ক অব্যাহত নৰখাৰ সিদ্ধান্তক কেৱল সেই কাৰণতে প্ৰতাৰণা বা জালিয়াতি বুলি ক’ব নোৱাৰি।
বিচাৰপীঠে অৱশ্যে স্পষ্ট কৰি দিয়ে যে ধৰ্ষণৰ অভিযোগৰ ক্ষেত্ৰত প্ৰকৃত যৌন নিৰ্যাতন, জোৰ-জবৰদস্তি বা সন্মতি আদায়ৰ নামত প্ৰতাৰণাৰ অভিযোগ থাকিলে সেইবোৰ গুৰুত্বসহকাৰে বিবেচনা কৰিব লাগিব। আৰম্ভণিৰ পৰাই প্ৰতাৰণাৰ জৰিয়তে সন্মতি আদায় কৰা ঘটনা আৰু সম্পৰ্ক ভাঙি যোৱাৰ পিছত সৃষ্টি হোৱা অনুশোচনাৰ মাজত পাৰ্থক্য আছে।
উল্লেখ্য যে, সন্তোষ কুমাৰ এন পিৰ বিৰুদ্ধে অভিযোগকাৰী মহিলাগৰাকীয়ে তেওঁৰ পূৰ্বৰ বিবাহৰ কথা গোপন কৰি দ্বিতীয় বিবাহ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। অভিযোগ অনুসৰি, প্ৰথম বিবাহ বৰ্তি থকা অৱস্থাতে তেওঁ মহিলাগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু বৈধ বিবাহ বুলি বিশ্বাস জন্মাই শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল।
মহিলাগৰাকীয়ে ধৰ্ষণ, প্ৰতাৰণা আৰু বিশ্বাসভংগৰ অভিযোগ উত্থাপন কৰিছিল। দুয়োগৰাকীয়ে মহীশূৰত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ১৯৯৬ চনৰ পৰা ২০০৩ চনলৈ একেলগে বসবাস কৰিছিল বুলি গোচৰৰ তথ্যত উল্লেখ আছে।
কেৰালা উচ্চ ন্যায়ালয়ে পূৰ্বে অভিযুক্তৰ অভিযোগমুক্তিৰ আবেদন খাৰিজ কৰিছিল। সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই সন্তোষ কুমাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। অৱশেষত উচ্চতম ন্যায়ালয়ে তেওঁক ধৰ্ষণ আৰু প্ৰতাৰণাৰ অভিযোগৰ পৰা মুক্ত কৰে।
এই ৰায়ত আদালতে সন্মতিসূচক সম্পৰ্ক, প্ৰতাৰণাৰ জৰিয়তে সন্মতি আদায় আৰু সম্পৰ্ক ভাঙি যোৱাৰ পিছত উত্থাপিত অপৰাধমূলক অভিযোগৰ মাজৰ আইনী পাৰ্থক্য স্পষ্ট কৰিছে।