মিচিং আৰু সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনলৈ তিনিদিন বাকী থাকোঁতেই ধেমাজিত প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলে মনোনয়ন-পত্ৰ দাখিল কৰে।
ধেমাজি: মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনলৈ আৰু তিনিদিন বাকী আছে।
আজি পৰিষদ দুখনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলে ঢোল-দগৰৰ সৈতে সমৰ্থকসকলক লগত লৈ চহৰৰ মাজেৰে শোভাযাত্ৰা উলিয়াই ধেমাজি জিলা সংহত আয়ুক্তৰ কাৰ্যালয়ত…
মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুঠ ৪০খন আসনৰ ভিতৰত ধেমাজি জিলাত ১৭খন আসন আছে।
ইফালে, সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন হ'বলগীয়া মুঠ ৩২খন আসনৰ ভিতৰত ধেমাজি জিলাত ৫খন আসন আছে।
newznow.in