ধেমাজি: মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনলৈ আৰু তিনিদিন বাকী আছে।

আজি পৰিষদ দুখনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলে ঢোল-দগৰৰ সৈতে সমৰ্থকসকলক লগত লৈ চহৰৰ মাজেৰে শোভাযাত্ৰা উলিয়াই ধেমাজি জিলা সংহত আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন-পত্ৰ দাখিল কৰে।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুঠ ৪০খন আসনৰ ভিতৰত ধেমাজি জিলাত ১৭খন আসন আছে। এই ১৭খন আসনত মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ৪৫ হাজাৰ ২১৯গৰাকী।

ইফালে, সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন হ'বলগীয়া মুঠ ৩২খন আসনৰ ভিতৰত ধেমাজি জিলাত ৫খন আসন আছে। এই ৫খন আসনত মুঠ ভোটাৰৰ সংখ্যা ২২ হাজাৰ ৪২৩গৰাকী।