কন্যাই ইছলাম ধৰ্ম গ্ৰহণ কৰি দ্বিতীয়বাৰ বিবাহ কৰাৰ খবৰ পোৱাৰ পিছতে শিলচৰৰ পঞ্চানন শিৱবাৰীত পিণ্ডদান কৰে বিনয় শৰ্মাই।
শিলচৰ, ৬ নৱেম্বৰ: কন্যাই ইছলাম ধৰ্ম গ্ৰহণ কৰি ইটখোলা অঞ্চলৰ এজন মুছলমান যুৱকক বিবাহ কৰা বুলি জানিব পাৰি জীৱিত কন্যাৰ অন্ত্যেষ্টিক্ৰিয়াৰ আচাৰ-অনুষ্ঠান সম্পন্ন কৰিলে পিতৃয়ে।
হাইলাকান্দি জিলাৰ বাসিন্দা তথা শিলচৰৰ মালুগ্ৰামৰ ভাড়াঘৰত বাস কৰা বিনয় শৰ্মাই কন্যা বৈশালী শৰ্মাৰ ফটোত বগা মালা পিন্ধোৱাই পুৰোহিতৰ উপস্থিতিত এই ধৰ্মীয় আচাৰ-অনুষ্ঠান সম্পন্ন কৰে।
বিনয় শৰ্মাই দাবী কৰে যে, প্ৰায় ১২ বছৰ পূৰ্বে বৈশালীয়ে ৰাজস্থানত পাৰিখ উপাধিধাৰী এজন লোকক বিবাহ কৰিছিল।
পিতৃগৰাকীৰ অভিযোগ, বৈশালী সন্তান দুটিক লৈ শিলচৰলৈ উভতি আহি স্বামীৰ ঘৰত যাবলৈ অস্বীকাৰ কৰিছিল।
newznow.in