শিলচৰ, ৬ নৱেম্বৰ: কন্যাই ইছলাম ধৰ্ম গ্ৰহণ কৰি ইটখোলা অঞ্চলৰ এজন মুছলমান যুৱকক বিবাহ কৰা বুলি জানিব পাৰি জীৱিত কন্যাৰ অন্ত্যেষ্টিক্ৰিয়াৰ আচাৰ-অনুষ্ঠান সম্পন্ন কৰিলে পিতৃয়ে। শুকুৰবাৰে শিলচৰৰ পঞ্চানন শিৱবাৰীত বিনয় শৰ্মাই পিণ্ডদান কৰে।
হাইলাকান্দি জিলাৰ বাসিন্দা তথা শিলচৰৰ মালুগ্ৰামৰ ভাড়াঘৰত বাস কৰা বিনয় শৰ্মাই কন্যা বৈশালী শৰ্মাৰ ফটোত বগা মালা পিন্ধোৱাই পুৰোহিতৰ উপস্থিতিত এই ধৰ্মীয় আচাৰ-অনুষ্ঠান সম্পন্ন কৰে।
বিনয় শৰ্মাই দাবী কৰে যে, প্ৰায় ১২ বছৰ পূৰ্বে বৈশালীয়ে ৰাজস্থানত পাৰিখ উপাধিধাৰী এজন লোকক বিবাহ কৰিছিল। তেওঁলোকৰ এটি পুত্ৰ আৰু এটি কন্যা আছে। আৰম্ভণিতে দুয়োৰে সম্পৰ্ক ভাল আছিল যদিও পাছলৈ মতানৈক্যৰ সৃষ্টি হয় বুলি তেওঁ জনায়।
পিতৃগৰাকীৰ অভিযোগ, বৈশালী সন্তান দুটিক লৈ শিলচৰলৈ উভতি আহি স্বামীৰ ঘৰত যাবলৈ অস্বীকাৰ কৰিছিল। স্বামীয়ে মিলনৰ চেষ্টা কৰি ৰাজস্থানৰ সম্পত্তি এৰি শিলচৰত থাকিবলৈও আগ্ৰহ প্ৰকাশ কৰিছিল যদিও বিষয়টোৰ সমাধান নহ’ল বুলি তেওঁ কয়।
বিনয় শৰ্মাৰ ভাষ্য অনুসৰি, বৈশালীয়ে কেতিয়াবা সন্তান দুটিক ঘৰত থৈ কোনো খবৰ নিদিয়াকৈ কেইবাদিনো আঁতৰি থাকিছিল। প্ৰায় ৫ৰ পৰা ৬ বছৰ পূৰ্বে পৰিয়ালক নজনোৱাকৈ তেওঁ বেংগালুৰুলৈ গুচি যায় আৰু সন্তান দুটিক পৰিয়ালৰ জিম্মাত এৰি যায় বুলিও তেওঁ অভিযোগ কৰে। ইয়াৰ পাছত পিতৃ-মাতৃৰ সৈতে তেওঁৰ যোগাযোগো সীমিত হৈ পৰে বুলি দাবী কৰে।
বুধবাৰে পৰিয়ালে বৈশালী শিলচৰলৈ উভতি আহি ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পাছত ইটখোলা অঞ্চলৰ এজন লোকক বিবাহ কৰা বুলি জানিব পাৰে। ইয়াৰ পাছতে বিনয় শৰ্মাই বজৰং দলৰ সদস্যসকলৰ কাষ চাপে।
সংবাদ মাধ্যমৰ আগত বিনয় শৰ্মাই কয় যে, কন্যাৰ এই সিদ্ধান্তৰ বাবে তেওঁ কন্যাক নিজৰ বাবে মৃত বুলি গণ্য কৰিছে। অৱশ্যে বৈশালীৰ বৈবাহিক জীৱন, সন্তানক এৰি যোৱা আৰু শেহতীয়া বিবাহ সন্দৰ্ভত পিতৃৰ দাবীসমূহ স্বাধীনভাৱে নিশ্চিত কৰিব পৰা হোৱা নাই।