২০২৭ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণ ১৪ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ চলিব।
গুৱাহাটী, ৮ নৱেম্বৰ: ২০২৭ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব।
নিৰ্ধাৰিত পৰীক্ষা প'ৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব।
নিয়মীয়া পৰীক্ষাৰ্থীৰ বাবে প্ৰ-পত্ৰ পূৰণৰ পৰীক্ষা মাচুল ৯০০ টকা নিৰ্ধাৰণ কৰা হৈছে।
বাৰ্ষিক আয় ৪ লাখ টকা বা তাতকৈ কম হোৱা পৰিয়ালৰ যোগ্য শিক্ষাৰ্থীসকলে প্ৰ-পত্ৰ পূৰণৰ মাচুল সম্পূৰ্ণৰূপে ৰেহাই পাব।
newznow.in