গুৱাহাটী, ৮ নৱেম্বৰ: ২০২৭ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বিতীয় বিভাগে জাৰি কৰা জাননী অনুসৰি, এই প্ৰক্ৰিয়া ৫ ডিচেম্বৰ, ২০২৬লৈকে চলিব।

নিৰ্ধাৰিত পৰীক্ষা প'ৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব। প্ৰয়োজনীয় তথ্য পূৰণ কৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰ-পত্ৰ দাখিল কৰিবলৈ পৰিষদে শিক্ষাৰ্থীসকলক আহ্বান জনাইছে।

নিয়মীয়া পৰীক্ষাৰ্থীৰ বাবে প্ৰ-পত্ৰ পূৰণৰ পৰীক্ষা মাচুল ৯০০ টকা নিৰ্ধাৰণ কৰা হৈছে। শিক্ষাৰ্থীসকলে নিজ নিজ শিক্ষানুষ্ঠানৰ সৈতে যোগাযোগ কৰি প্ৰ-পত্ৰ পূৰণৰ প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।

বাৰ্ষিক আয় ৪ লাখ টকা বা তাতকৈ কম হোৱা পৰিয়ালৰ যোগ্য শিক্ষাৰ্থীসকলে প্ৰ-পত্ৰ পূৰণৰ মাচুল সম্পূৰ্ণৰূপে ৰেহাই পাব।

পূৰ্বৰ জাননী অনুসৰি, ২০২৭ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হোৱাৰ কথা। বিষয়ভিত্তিক পৰীক্ষাৰ নিৰ্দিষ্ট তাৰিখ আৰু সম্পূৰ্ণ সময়সূচী পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ'ব।