সৰ্দাৰ বল্লভভাই পেটেলৰ ১৫১তম জন্মজয়ন্তীত একতা নগৰৰ ষ্টেচু অৱ ইউনিটীত শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
নতুন দিল্লী, ৩১ অক্টোবৰ: স্বাধীন ভাৰতৰ ৰাজনৈতিক ঐক্য আৰু ৰাষ্ট্ৰীয় সংহতিৰ ইতিহাসত এক বিশেষ স্থান অধিকাৰ কৰি থকা চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫১সংখ্যক জন্মজয়ন্তী উপলক্ষে শনিবাৰে দেশজুৰি…
নতুন দিল্লীৰ চৰ্দাৰ পেটেল চৌকত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে পেটেলৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে।
আনহাতে, গুজৰাটৰ একতা নগৰত অৱস্থিত বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি ‘Statue of Unity’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ পেটেলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও পেটেলক আধুনিক ভাৰতৰ অন্যতম নিৰ্মাতা আৰু ৰাষ্ট্ৰীয় ঐক্য-সংহতিৰ প্ৰতীক বুলি অভিহিত কৰে।
newznow.in