নতুন দিল্লী, ৩১ অক্টোবৰ: স্বাধীন ভাৰতৰ ৰাজনৈতিক ঐক্য আৰু ৰাষ্ট্ৰীয় সংহতিৰ ইতিহাসত এক বিশেষ স্থান অধিকাৰ কৰি থকা চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫১সংখ্যক জন্মজয়ন্তী উপলক্ষে শনিবাৰে দেশজুৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিভিন্ন ৰাজনৈতিক নেতাই ভাৰতৰ ‘লৌহ পুৰুষ’গৰাকীৰ অৱদান স্মৰণ কৰে। তেওঁৰ জন্মদিনটো দেশজুৰি ‘ৰাষ্ট্ৰীয় একতা দিৱস’ (Rashtriya Ekta Diwas) হিচাপেও পালন কৰা হয়।
নতুন দিল্লীৰ চৰ্দাৰ পেটেল চৌকত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে পেটেলৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, দিল্লীৰ উপ-ৰাজ্যপাল তৰণজিৎ সিং সন্ধু, মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু সাংসদ বান্সুৰী স্বৰাজেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
আনহাতে, গুজৰাটৰ একতা নগৰত অৱস্থিত বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি ‘Statue of Unity’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ পেটেলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমত দিয়া বাৰ্তাত মোদীয়ে তেওঁক ‘অখণ্ড ভাৰতৰ নিৰ্মাতা’ আৰু ‘দেশৰ লৌহ পুৰুষ’ বুলি অভিহিত কৰে। শক্তিশালী, সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত পেটেলৰ ত্যাগ, নিষ্ঠা আৰু দেশপ্ৰেম ভৱিষ্যৎ প্ৰজন্মৰ বাবেও অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও পেটেলক আধুনিক ভাৰতৰ অন্যতম নিৰ্মাতা আৰু ৰাষ্ট্ৰীয় ঐক্য-সংহতিৰ প্ৰতীক বুলি অভিহিত কৰে। স্বাধীনতাৰ সময়ত ভাৰতৰ সন্মুখত থকা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল দেশীয় ৰাজ্যসমূহক একত্ৰিত কৰি এটা শক্তিশালী ৰাষ্ট্ৰীয় ব্যৱস্থা গঢ়ি তোলা। এই কঠিন দায়িত্ব পেটেলে সাহস, কূটনৈতিক কৌশল আৰু দৃঢ় নেতৃত্বৰে সম্পন্ন কৰিছিল বুলি শ্বাহে উল্লেখ কৰে।
কিয় ‘ভাৰতৰ লৌহ পুৰুষ’ বুলি কোৱা হয় পেটেলক?
১৮৭৫ চনৰ ৩১ অক্টোবৰত গুজৰাটৰ নাদিয়াদত জন্মগ্ৰহণ কৰিছিল চৰ্দাৰ বল্লভভাই পেটেলে। পেছাত তেওঁ আছিল এগৰাকী আইনজীৱী। ইংলেণ্ডত বেৰিষ্টাৰী শিক্ষা সম্পূৰ্ণ কৰি ভাৰতলৈ উভতি আহি আইন ব্যৱসায় আৰম্ভ কৰিছিল। কিন্তু মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলন শক্তিশালী হৈ উঠাৰ সময়ত তেওঁ ক্ৰমান্বয়ে ৰাজনৈতিক আৰু সামাজিক আন্দোলনৰ সৈতে জড়িত হৈ পৰে।
১৯১৮ চনৰ খেড়া সত্যাগ্ৰহত কৃষকৰ নেতৃত্ব দি পেটেলে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ পৰিচিতি লাভ কৰে। সেই সময়ত শস্যৰ উৎপাদন হ্ৰাস পোৱাৰ ফলত কৃষকসকল আৰ্থিক সংকটত পৰিছিল। তথাপি ব্ৰিটিছ চৰকাৰে ভূমি ৰাজহ সংগ্ৰহৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কৃষকৰ হৈ পেটেলে ৰাজহ আদায় বন্ধ কৰাৰ দাবীত সংগ্ৰাম আৰম্ভ কৰে। এই আন্দোলনে তেওঁক এজন দক্ষ সংগঠক আৰু জননেতা হিচাপে প্ৰতিষ্ঠা কৰে।
ইয়াৰ পিছত ১৯২৮ চনৰ বাৰদোলী সত্যাগ্ৰহে তেওঁৰ ৰাজনৈতিক জীৱনত এক নতুন পৰিচয় আনি দিয়ে। ব্ৰিটিছ চৰকাৰে ভূমি ৰাজহ বৃদ্ধি কৰাৰ প্ৰতিবাদত কৃষকসকলে পেটেলৰ নেতৃত্বত সংগঠিত আন্দোলন গঢ়ি তোলে। দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত চৰকাৰে নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ বাধ্য হয়। এই আন্দোলনৰ সফলতাৰ পিছতে কৃষকসকলে তেওঁক ‘চৰ্দাৰ’ উপাধি প্ৰদান কৰে। তেতিয়াৰ পৰাই তেওঁ চৰ্দাৰ বল্লভভাই পেটেল নামেৰে পৰিচিত হয়।
স্বাধীনতা আন্দোলনৰ সময়ত পেটেলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন গুৰুত্বপূৰ্ণ নেতা হিচাপে ভূমিকা পালন কৰিছিল। ১৯৩১ চনত কৰাচী অধিৱেশনত তেওঁ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল। ভাৰত ত্যাগ আন্দোলনতো তেওঁ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। স্বাধীনতাৰ দাবীত বিভিন্ন আন্দোলনৰ বাবে তেওঁ কেইবাবাৰো কাৰাবাস খাটিছিল।
দেশীয় ৰাজ্যসমূহৰ একত্ৰীকৰণ: স্বাধীন ভাৰতৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান
১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হোৱাৰ সময়ত দেশখনৰ ৰাজনৈতিক মানচিত্ৰ আজিৰ দৰে নাছিল। ব্ৰিটিছ শাসনৰ অধীনত থকা অঞ্চলসমূহৰ লগতে ভাৰতত ৫৬০খনতকৈও অধিক দেশীয় ৰাজ্য আছিল। এই ৰাজ্যসমূহৰ শাসকসকলৰ একাংশই ভাৰতৰ সৈতে চামিল হ’বলৈ আগ্ৰহী আছিল যদিও আন একাংশই স্বাধীন হৈ থকাৰ ইচ্ছা প্ৰকাশ কৰিছিল।
দেশ বিভাজন, সাম্প্ৰদায়িক সংঘাত আৰু প্ৰশাসনিক অনিশ্চয়তাৰ মাজত নতুন ভাৰতৰ সন্মুখত দেশীয় ৰাজ্যসমূহৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰাটো আছিল এক জটিল সমস্যা। স্বাধীনতাৰ পিছত প্ৰথমগৰাকী উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা পেটেলে এই দায়িত্বৰ নেতৃত্ব দিয়ে। তেওঁৰ সৈতে ভি পি মেননেও এই একত্ৰীকৰণ প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
পেটেলে দেশীয় ৰাজ্যসমূহৰ শাসকসকলৰ সৈতে আলোচনা, কূটনৈতিক বুজাবুজি আৰু প্ৰয়োজন অনুসৰি কঠোৰ ব্যৱস্থাৰ জৰিয়তে অধিকাংশ ৰাজ্যক ভাৰতীয় সংঘৰ সৈতে চামিল কৰাত সফল হয়। এই প্ৰক্ৰিয়াত Instrument of Accession অৰ্থাৎ ভাৰতৰ সৈতে যোগদানৰ চুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
জুনাগড়ৰ ক্ষেত্ৰত শাসকে পাকিস্তানৰ সৈতে চামিল হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও ৰাজ্যখনৰ অধিকাংশ জনসাধাৰণ ভাৰতৰ সৈতে থকাৰ পক্ষত আছিল। পিছত গণভোট অনুষ্ঠিত কৰি জুনাগড়ক ভাৰতৰ সৈতে চামিল কৰা হয়। আনহাতে, হায়দৰাবাদৰ নিজামে ভাৰতৰ সৈতে চামিল হ’বলৈ অস্বীকাৰ কৰাত ১৯৪৮ চনত ভাৰত চৰকাৰে সামৰিক অভিযান চলায়। এই অভিযানৰ পিছত হায়দৰাবাদ ভাৰতীয় সংঘৰ অংশ হয়।
এইদৰে বিভিন্ন জটিলতা আৰু প্ৰত্যাহ্বানৰ মাজেৰে ৫৬০খনতকৈও অধিক দেশীয় ৰাজ্যক ভাৰতীয় সংঘৰ সৈতে একত্ৰিত কৰাৰ প্ৰক্ৰিয়াত পেটেলৰ ভূমিকা আছিল নিৰ্ণায়ক। সেইবাবেই তেওঁক আধুনিক ভাৰতৰ ৰাজনৈতিক একত্ৰীকৰণৰ অন্যতম মুখ্য স্থপতি বুলি গণ্য কৰা হয়।
প্ৰশাসনিক ব্যৱস্থাৰ ভেটি নিৰ্মাণতো গুৰুত্বপূৰ্ণ ভূমিকা
কেৱল দেশীয় ৰাজ্যসমূহৰ একত্ৰীকৰণতে পেটেলৰ অৱদান সীমাবদ্ধ নাছিল। স্বাধীন ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাক শক্তিশালী কৰাৰ ক্ষেত্ৰতো তেওঁ বিশেষ গুৰুত্ব দিছিল। All India Servicesৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ জোৰ দিছিল। তেওঁৰ মতে, দেশৰ ঐক্য আৰু প্ৰশাসনিক স্থিৰতা বজাই ৰাখিবলৈ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সমন্বয় সাধন কৰিব পৰা দক্ষ আৰু নিৰপেক্ষ প্ৰশাসনিক বিষয়া প্ৰয়োজন।
তেওঁৰ এই দৃষ্টিভংগীয়ে স্বাধীন ভাৰতৰ প্ৰশাসনিক গাঁথনি শক্তিশালী কৰাত সহায় কৰিছিল। আজিৰ Indian Administrative Service (IAS) আৰু Indian Police Service (IPS)ৰ দৰে সৰ্বভাৰতীয় সেৱাসমূহৰ সাংবিধানিক আৰু প্ৰাতিষ্ঠানিক ভেটি গঢ়ি তোলাৰ ক্ষেত্ৰত পেটেলৰ ভূমিকা বিশেষভাৱে স্মৰণ কৰা হয়।
১৯৫০ চনৰ ১৫ ডিচেম্বৰত তেওঁৰ মৃত্যু হয়। কিন্তু দেশৰ ৰাজনৈতিক একত্ৰীকৰণ, কৃষক আন্দোলন আৰু প্ৰশাসনিক ব্যৱস্থাৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদান ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হৈ আছে।
ৰাষ্ট্ৰীয় একতা দিৱসৰ তাৎপৰ্য
২০১৪ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৩১ অক্টোবৰ দিনটো ‘ৰাষ্ট্ৰীয় একতা দিৱস’ হিচাপে পালন কৰি আহিছে। দেশৰ ঐক্য, অখণ্ডতা আৰু নিৰাপত্তাৰ প্ৰতি দায়বদ্ধতা পুনৰ দৃঢ় কৰাই এই দিৱসৰ মূল উদ্দেশ্য। এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত ‘Run for Unity’, একতা শপত, পদযাত্ৰা আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
এইবাৰৰ ১৫১সংখ্যক জন্মজয়ন্তী উপলক্ষে গুজৰাটৰ একতা নগৰত ৰাষ্ট্ৰীয় একতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত আৰক্ষী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু বিভিন্ন ৰাজ্যৰ আৰক্ষী বাহিনীৰ অংশগ্ৰহণেৰে একতা দিৱসৰ পেৰেড অনুষ্ঠিত হোৱাৰ কথা। এইবাৰৰ অনুষ্ঠানত দেশৰ বিভিন্ন সাংস্কৃতিক পৰম্পৰা আৰু নিৰাপত্তা বাহিনীৰ অৱদানৰ লগতে সশস্ত্ৰ নক্সালবাদৰ অৱসানৰ বিষয়টোও বিশেষভাৱে উপস্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে।