অসম

নাজিৰাত ৰহস্যজনক অৱস্থাত আৰক্ষী জোৱানৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ২৫ নম্বৰ অসম আৰক্ষী অ’এনজিচি বেটেলিয়নৰ জোৱান নিপন মেধিৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হৈছে।

২ / ৫

নাজিৰা, ৮ নৱেম্বৰ: নাজিৰা নগৰৰ মাজমজিয়াত অৱস্থিত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ৰহস্যজনক অৱস্থাত এজন আৰক্ষী জোৱানৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হৈছে।

৩ / ৫

প্ৰাপ্ত খবৰ অনুসৰি, নিপন মেধি অ’এনজিচিৰ জি এম এইচ আৰ আৰতি জাতচনৰ দেহৰক্ষী আছিল।

৪ / ৫

স্থানীয় ৰাইজে খেলপথাৰখনত মূৰত গুলীবিদ্ধ অৱস্থাত জোৱানজনৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে।

৫ / ৫

নিজৰ বন্দুকেৰে গুলীয়াই জোৱানজনে আত্মহনন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

নাজিৰাত ৰহস্যজনক অৱস্থাত আৰক্ষী জোৱানৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক