নাজিৰা, ৮ নৱেম্বৰ: নাজিৰা নগৰৰ মাজমজিয়াত অৱস্থিত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ৰহস্যজনক অৱস্থাত এজন আৰক্ষী জোৱানৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হৈছে। মৃত জোৱানজনক ২৫ নম্বৰ অসম আৰক্ষী অ’এনজিচি বেটেলিয়নৰ নিপন মেধি বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, নিপন মেধি অ’এনজিচিৰ জি এম এইচ আৰ আৰতি জাতচনৰ দেহৰক্ষী আছিল। অ’এনজিচি আৱাসিক এলেকাত কৰ্তব্যৰত জোৱানজনৰ ঘৰ বাক্সা জিলাত বুলি জানিব পৰা গৈছে।

স্থানীয় ৰাইজে খেলপথাৰখনত মূৰত গুলীবিদ্ধ অৱস্থাত জোৱানজনৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। মৃতদেহটোৰ নিচেই কাষৰ পৰা এটা মোবাইল ফোন আৰু এটা ছাৰ্ভিচ কাৰ্বাইন মেচিনগান উদ্ধাৰ কৰা হৈছে।

নিজৰ বন্দুকেৰে গুলীয়াই জোৱানজনে আত্মহনন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে ঘটনাটো আত্মহনন নে পৰিকল্পিত হত্যাকাণ্ড, সেই সন্দৰ্ভত প্ৰশ্নৰ সৃষ্টি হৈছে।

কৰ্তব্যৰত অৱস্থাত জোৱানজন কোনো মানসিক নিৰ্যাতনৰ বলি হৈছিল নেকি, সেই দিশটোও আৰক্ষীয়ে উৰুৱাই দিব পৰা নাই। খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোক আৰু তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।