ছত্তীশগড়ৰ বস্তৰত নিৰাপত্তাৰক্ষীসকলৰ সৈতে দীপাৱলী উদযাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘দিমাগী নক্সাল’ৰ বিপদক লৈ সতৰ্কবাণী দিয়ে।
বস্তৰ, ৮ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ছত্তীশগড়ৰ বস্তৰত নিৰাপত্তাৰক্ষীসকলৰ সৈতে দীপাৱলী উদযাপন কৰে।
জোৱানসকলক সম্বোধন কৰি মোদীয়ে কয় যে, সশস্ত্ৰ মাওবাদীৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া যুঁজত সফলতা লাভ কৰাৰ পাছত এইবাৰৰ দীপাৱলী বিশেষ।
‘দিমাগী নক্সাল’ৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰে যে, এনে আদৰ্শগত মাওবাদীসকলে বিভিন্ন সংগঠন আৰু কেইবাটাও ৰাজনৈতিক দলৰ ভিতৰত প্ৰৱেশ কৰিছে।
মোদীয়ে লগতে দাবী কৰে যে, বিগত ৪৭ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে যোৱা এবছৰত কৰ্তব্যৰত অৱস্থাত চিআৰপিএফৰ এজনো জোৱান নিহত হোৱা নাই।
newznow.in