বস্তৰ, ৮ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ছত্তীশগড়ৰ বস্তৰত নিৰাপত্তাৰক্ষীসকলৰ সৈতে দীপাৱলী উদযাপন কৰে। এসময়ত মাওবাদীৰ শক্তিশালী ঘাটি হিচাপে পৰিচিত অঞ্চলটোত দীপাৱলীৰ পুৱা উপস্থিত হৈ তেওঁ জোৱানসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ ত্যাগ আৰু আত্মবলিদানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

জোৱানসকলক সম্বোধন কৰি মোদীয়ে কয় যে, সশস্ত্ৰ মাওবাদীৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া যুঁজত সফলতা লাভ কৰাৰ পাছত এইবাৰৰ দীপাৱলী বিশেষ। দেশৰ প্ৰতিখন জিলা মাওবাদীমুক্ত হোৱাৰ পাছত এয়া প্ৰথম দীপাৱলী বুলি মন্তব্য কৰি তেওঁ কয় যে, মাওবাদী হিংসাৰ আতংকৰ পৰা কোটি কোটি নাগৰিকে মুক্তিৰ অনুভৱ লাভ কৰিছে।

“সশস্ত্ৰ নক্সালবাদীসকল নিৰ্মূল হৈছে যদিও দিমাগী নক্সালসকলে বিভিন্ন সংগঠনৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিছে। আজিও তেওঁলোকে মানুহক সংবিধান আৰু গণতন্ত্ৰৰ বিৰুদ্ধে উচটনি দি আছে।”

‘দিমাগী নক্সাল’ৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰে যে, এনে আদৰ্শগত মাওবাদীসকলে বিভিন্ন সংগঠন আৰু কেইবাটাও ৰাজনৈতিক দলৰ ভিতৰত প্ৰৱেশ কৰিছে। তেওঁলোকক চিনাক্ত কৰি পৰাস্ত কৰাৰ লগতে দেশৰ নিৰাপত্তা নিশ্চিত কৰাৰ প্ৰয়োজন আছে বুলি তেওঁ মন্তব্য কৰে।

মোদীয়ে লগতে দাবী কৰে যে, বিগত ৪৭ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে যোৱা এবছৰত কৰ্তব্যৰত অৱস্থাত চিআৰপিএফৰ এজনো জোৱান নিহত হোৱা নাই। তেওঁ চিআৰপিএফ, কোব্ৰা, বিএছএফ, আইটিবিপি, এছএছবি, আইআৰবি, ৰাজ্যিক আৰক্ষী বাহিনী, বস্তৰ ফাইটাৰ্ছ আৰু বিশেষ বাহিনীৰ সদস্যসকলৰ অৱদানৰ প্ৰশংসা কৰে। মহিলা কমাণ্ডোসকলৰ ভূমিকাৰ কথাও তেওঁ উল্লেখ কৰে।

কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, ২০১৮ চনৰ এপ্ৰিলত দেশৰ ১২৬খন জিলা মাওবাদী প্ৰভাৱিত হিচাপে চিহ্নিত আছিল। ২০২১ চনৰ জুলাইত এই সংখ্যা ৭০খনলৈ, ২০২৪ চনৰ এপ্ৰিলত ৩৮খনলৈ আৰু ২০২৫ চনৰ ডিচেম্বৰত ৮খনলৈ হ্ৰাস পাইছিল। ২০২৬ চনৰ মাৰ্চ-এপ্ৰিলত এই সংখ্যা শূন্য হোৱা বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল। অৱশ্যে ৩৭খন জিলাক এতিয়াও ‘লেগেচি এণ্ড থ্ৰাষ্ট’ শ্ৰেণীত ৰখা হৈছে।

২০১৪ চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা মোদীয়ে প্ৰতিবছৰে নিৰাপত্তাৰক্ষীসকলৰ সৈতে দীপাৱলী উদযাপন কৰি আহিছে। বস্তৰত তেওঁৰ এইবাৰৰ উদযাপন প্ৰধানমন্ত্ৰী হিচাপে ১৩সংখ্যক দীপাৱলী। নিৰাপত্তাৰক্ষীসকলৰ ত্যাগ আৰু সাহসৰ ফলত বস্তৰত শান্তি আৰু উন্নয়নৰ নতুন পৰিৱেশ সৃষ্টি হোৱা বুলি তেওঁ মন্তব্য কৰে।