কালীপূজা আৰু দীপাৱলী উপলক্ষে শিলচৰকে ধৰি কাছাৰ জিলাৰ বজাৰত বৃদ্ধি পাইছে ভিৰ।
শিলচৰ, ৮ নৱেম্বৰ: কালীপূজা আৰু দীপাৱলী উপলক্ষে শিলচৰকে ধৰি কাছাৰ জিলাৰ বিভিন্ন প্ৰান্তত উৎসৱৰ প্ৰস্তুতি তুংগত উঠিছে।
ফটাক বজাৰ, গোপালগঞ্জ, জানিগঞ্জ, হাস্পতাল ৰোড, তাৰাপুৰ আৰু মেহেৰপুৰত বেচা-কিনাৰ তৎপৰতা বৃদ্ধি পাইছে।
ইফালে, কাটিগড়াত ভগৱান গণেশৰ স্থাপত্যৰ আৰ্হিত নিৰ্মাণ কৰা বিশেষ কালীপূজাৰ পেণ্ডেল এইবাৰৰ অন্যতম আকৰ্ষণ।
উৎসৱৰ মাজতে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে আতচবাজী বিক্ৰী আৰু ব্যৱহাৰৰ ক্ষেত্ৰত পৰিৱেশ সুৰক্ষাসম্পৰ্কীয় নিয়ম কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে।
newznow.in