কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই নোটবন্দীৰ পাছত ‘ভোটবন্দী’ৰ জৰিয়তে গণতন্ত্ৰ ধ্বংস কৰা হৈছে বুলি অভিযোগ কৰে।
নতুন দিল্লী, ২৯ ছেপ্টেম্বৰ: কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে দেশৰ দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ ভোটাধিকাৰ কাঢ়ি নিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ…
মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছৰ কৰ্মসমিতিৰ বৈঠকত ভাষণ দি খৰ্গেই কয় যে, নোটবন্দীয়ে দেশৰ অৰ্থনীতি ধ্বংস কৰাৰ পাছত এতিয়া ‘ভোটবন্দী’ৰ জৰিয়তে গণতন্ত্ৰ ধ্বংস কৰা হৈছে।
“ইতিহাসে সাক্ষ্য দিয়ে যে দহ বছৰ পূৰ্বে এইগৰাকী প্ৰধানমন্ত্ৰীয়ে নোটবন্দীৰ সিদ্ধান্তৰে ভাৰতৰ অৰ্থনীতি ধ্বংস কৰিছিল।
ভোট দৰিদ্ৰ, দলিত, বঞ্চিত আৰু শোষিত লোকসকলৰ আটাইতকৈ শক্তিশালী অধিকাৰ বুলি উল্লেখ কৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে এই অধিকাৰ খৰ্ব কৰাৰ চেষ্টা চলোৱা হৈছে বুলি অভিযোগ কৰে।
newznow.in