নতুন দিল্লী, ২৯ ছেপ্টেম্বৰ: কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে দেশৰ দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ ভোটাধিকাৰ কাঢ়ি নিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে।
মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছৰ কৰ্মসমিতিৰ বৈঠকত ভাষণ দি খৰ্গেই কয় যে, নোটবন্দীয়ে দেশৰ অৰ্থনীতি ধ্বংস কৰাৰ পাছত এতিয়া ‘ভোটবন্দী’ৰ জৰিয়তে গণতন্ত্ৰ ধ্বংস কৰা হৈছে।
“ইতিহাসে সাক্ষ্য দিয়ে যে দহ বছৰ পূৰ্বে এইগৰাকী প্ৰধানমন্ত্ৰীয়ে নোটবন্দীৰ সিদ্ধান্তৰে ভাৰতৰ অৰ্থনীতি ধ্বংস কৰিছিল। আৰু এতিয়া দহ বছৰৰ পাছত ভোটবন্দীৰ ষড়যন্ত্ৰৰে আমাৰ শক্তিশালী গণতন্ত্ৰ ধ্বংস কৰিছে।”
ভোট দৰিদ্ৰ, দলিত, বঞ্চিত আৰু শোষিত লোকসকলৰ আটাইতকৈ শক্তিশালী অধিকাৰ বুলি উল্লেখ কৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে এই অধিকাৰ খৰ্ব কৰাৰ চেষ্টা চলোৱা হৈছে বুলি অভিযোগ কৰে।
ভোটাৰ তালিকাৰ বিশেষ সংশোধনক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধেও সৰৱ হয় খৰ্গে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক মোদী চৰকাৰৰ ‘কাঠপুতলা’ বুলি অভিহিত কৰি তেওঁ পদত্যাগৰ দাবী জনায়।
ষড়যন্ত্ৰৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা বহু লোকৰ নাম কৰ্তন কৰা হৈছে বুলি অভিযোগ কৰি খৰ্গেই ভোটাৰ তালিকাত হোৱা বৃহৎ পৰিৱৰ্তনৰ তথ্য ৰাজহুৱা কৰাৰ দাবী তোলে। নাম কৰ্তন হোৱা লোকসকলক অৱগত কৰা আৰু তেওঁলোকক আপীলৰ সুযোগ দিয়াৰ দাবীও জনায় তেওঁ।
ইয়াৰ উপৰি, ৰাজনৈতিক দলসমূহক সময়মতে সহজে বুজিব পৰা ৰূপত নিৰ্বাচনী তথ্য প্ৰদান, ভোটাৰ তালিকাৰ বিসংগতিৰ স্বতন্ত্ৰ তদন্ত আৰু নিৰ্বাচন আয়োগৰ কাম-কাজত স্বচ্ছতা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে খৰ্গেই। প্ৰধানমন্ত্ৰীৰ হেঁচাত মুখ্য নিৰ্বাচন আয়ুক্তই কাম কৰিছে বুলি অভিযোগ কৰি মোদীৰ নৈতিক ভিত্তিত পদত্যাগৰ দাবীও কৰে তেওঁ।
বৈঠকত ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, জয়ৰাম ৰমেশ, কে চি বেণুগোপালসহ কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। আনহাতে, নিৰ্বাচন আয়োগে পূৰ্বে প্ৰকাশ কৰা এক প্ৰতিক্ৰিয়াত বিশেষ সংশোধনক লৈ উত্থাপিত অভিযোগসমূহৰ উত্তৰ দিয়া হৈছে বুলি দাবী কৰিছিল। আয়োগৰ মতে, এই প্ৰক্ৰিয়া আইনী বিধান অনুসৰিয়েই চলোৱা হৈছে।