দেশ

ৰাজ্যসভা উপ-নিৰ্বাচনত মনোনয়ন দাখিল হৰদীপ সিং পুৰীৰ

NewzNow · ৩১ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

১৩ অক্টোবৰত ড॰ এল মুৰগনে পদত্যাগ কৰাৰ পিছত খালী হোৱা মধ্যপ্ৰদেশৰ ৰাজ্যসভা আসনখনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে মনোনয়ন দাখিল কৰিছে।

২ / ৫

ভূপাল, ৩১ অক্টোবৰঃ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰে।

৩ / ৫

মনোনয়ন দাখিলৰ পূৰ্বে পুৰীয়ে এটা গুৰুদ্বাৰত উপস্থিত হৈ প্ৰাৰ্থনা জনায়।

৪ / ৫

উল্লেখ্য যে, ২৮ অক্টোবৰত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে হৰদীপ সিং পুৰীৰ নাম দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল।

৫ / ৫

কেন্দ্ৰীয় মন্ত্ৰী এল মুৰুগনে ৰাজ্যসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰাৰ পিছতে আসনখন খালী হৈছিল।

ৰাজ্যসভা উপ-নিৰ্বাচনত মনোনয়ন দাখিল হৰদীপ সিং পুৰীৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক