ভূপাল, ৩১ অক্টোবৰঃ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰে। ভূপালস্থিত মধ্যপ্ৰদেশ বিধানসভা ভৱনত মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি হেমন্ত খান্দেলৱাল।

মনোনয়ন দাখিলৰ পূৰ্বে পুৰীয়ে এটা গুৰুদ্বাৰত উপস্থিত হৈ প্ৰাৰ্থনা জনায়। ইয়াৰ পিছতে তেওঁ কৰুণা ধাম আশ্ৰমলৈ গৈ গুৰুদেৱ সুদেশ শাণ্ডিল্য মহাৰাজৰ সৈতে সাক্ষাৎ কৰি আশীৰ্বাদ গ্ৰহণ কৰে।

উল্লেখ্য যে, ২৮ অক্টোবৰত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে হৰদীপ সিং পুৰীৰ নাম দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰী এল মুৰুগনে ৰাজ্যসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰাৰ পিছতে আসনখন খালী হৈছিল। ১৩ অক্টোবৰত পদত্যাগ কৰা মুৰুগনৰ কাৰ্যকাল ২০৩০ চনৰ এপ্ৰিললৈকে আছিল।

নিৰ্বাচন আয়োগৰ সূচী অনুসৰি, অহা ১২ নৱেম্বৰত ৰাজ্যসভাৰ এই উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু ভোটগণনা অনুষ্ঠিত হ’ব।