ভাৰতীয় কূটনীতিক শিৱানী গুপ্তা ৰাষ্ট্ৰসংঘৰ প্ৰশাসন আৰু বাজেট বিষয়ক উপদেষ্টা কমিটীৰ ২০২৭-২০২৯ৰ কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছে।
ৰাষ্ট্ৰসংঘ, ৭ নৱেম্বৰ: ভাৰতীয় কূটনীতিক শিৱানী গুপ্তা ৰাষ্ট্ৰসংঘৰ প্ৰশাসন আৰু বাজেট বিষয়ক উপদেষ্টা কমিটীলৈ নিৰ্বাচিত হৈছে।
ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনে শিৱানী গুপ্তাৰ নিৰ্বাচনৰ কথা ঘোষণা কৰি আস্থা আৰু সমৰ্থনৰ বাবে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰক ধন্যবাদ জনাইছে।
গুপ্তাই ২০২৭ চনৰ জানুৱাৰীৰ পৰা তিনিবছৰীয়া কাৰ্যকাল আৰম্ভ কৰিব।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধীনস্থ সংস্থা প্ৰশাসন আৰু বাজেটবিষয়ক উপদেষ্টা কমিটীখনত ২১জন সদস্য থাকে।
newznow.in