ৰাষ্ট্ৰসংঘ, ৭ নৱেম্বৰ: ভাৰতীয় কূটনীতিক শিৱানী গুপ্তা ৰাষ্ট্ৰসংঘৰ প্ৰশাসন আৰু বাজেট বিষয়ক উপদেষ্টা কমিটীলৈ নিৰ্বাচিত হৈছে। তেওঁ ২০২৭-২০২৯ৰ কাৰ্যকালত কমিটীখনৰ সদস্য হিচাপে দায়িত্ব পালন কৰিব।

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনে শিৱানী গুপ্তাৰ নিৰ্বাচনৰ কথা ঘোষণা কৰি আস্থা আৰু সমৰ্থনৰ বাবে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰক ধন্যবাদ জনাইছে।

গুপ্তাই ২০২৭ চনৰ জানুৱাৰীৰ পৰা তিনিবছৰীয়া কাৰ্যকাল আৰম্ভ কৰিব।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধীনস্থ সংস্থা প্ৰশাসন আৰু বাজেটবিষয়ক উপদেষ্টা কমিটীখনত ২১জন সদস্য থাকে। সাধাৰণ সভাই সদস্যসকলক ব্যক্তিগত সামৰ্থ্যৰ ভিত্তিত নিযুক্তি দিয়ে।

সদস্য ৰাষ্ট্ৰসমূহৰ অৱদান ৰাষ্ট্ৰসংঘৰ বিশ্বব্যাপী কাম-কাজত জবাবদিহিতা আৰু দক্ষতাৰে ব্যৱহাৰ নিশ্চিত কৰাৰ উদ্দেশ্যে সদস্যসকলক তিনিবছৰৰ বাবে নিৰ্বাচন কৰা হয়।