বিটিচিৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত দুটাকৈ পথ নিৰ্মাণ আঁচনিৰ শিলান্যাস কৰা হৈছে।
ভেৰগাঁও, ৩১ অক্টোবৰঃ বিটিচিৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত দুটাকৈ গুৰুত্বপূৰ্ণ পথ নিৰ্মাণ আঁচনিৰ শুভাৰম্ভ কৰিছে বিটিচি প্ৰশাসনে।
পথ দুটাৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে মহেন্দ্ৰ বসুমতাৰীয়ে।
উল্লেখ্য যে, পথ দুটাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি যাত্ৰীসকলৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছিল।
পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভৰ পিছত অঞ্চলবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰে।
newznow.in