ভেৰগাঁও, ৩১ অক্টোবৰঃ বিটিচিৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত দুটাকৈ গুৰুত্বপূৰ্ণ পথ নিৰ্মাণ আঁচনিৰ শুভাৰম্ভ কৰিছে বিটিচি প্ৰশাসনে। টিচিএলচিচিৰ উপাধ্যক্ষ মহেন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত শুক্লাই–নালাপাৰা আৰু শুক্লাইৰ পৰা ৰাজাগড় হৈ নালাপাৰালৈ যোৱা গড়কাপ্তানী পথ দুটাৰ নিৰ্মাণৰ শিলান্যাস কৰা হয়।
পথ দুটাৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে মহেন্দ্ৰ বসুমতাৰীয়ে। তেওঁ কয় যে ৰাইজৰ প্ৰতিটো মৌলিক সমস্যা সমাধানৰ ক্ষেত্ৰত বিটিচি চৰকাৰ সদায় দায়বদ্ধ।
উল্লেখ্য যে, পথ দুটাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি যাত্ৰীসকলৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছিল। আনকি জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।
পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভৰ পিছত অঞ্চলবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰে। আজিৰ শিলান্যাস কাৰ্যসূচীত বিপিএফৰ মুখপাত্ৰ কমল আজাদৰ লগতে দলটোৰ কেইবাগৰাকীও নেতা-কৰ্মী উপস্থিত থাকে।