বনৰীয়া হাতীৰ আক্ৰমণত নিহত লোকৰ পৰিয়াললৈ ৮ লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে।
গুৱাহাটী, ৮ নৱেম্বৰ: বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱা লোকৰ পৰিয়াললৈ ৮ লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে।
মানুহ-হাতীৰ সংঘাত মোকাবিলা কৰা আৰু হাতীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আৰ্থিক সহায় আগবঢ়োৱাৰ লক্ষ্যৰে এই পদক্ষেপৰ প্ৰস্তাৱ কৰা হৈছে।
হাতী-অনুকূল গছপুলি ৰোপণৰ বাবেও ইক’লজিকেল টাস্ক ফ’ৰ্চৰ জৰিয়তে ৫০ হেক্টৰ ভূমিত বৃক্ষৰোপণ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে।
ইয়াৰ উপৰি মানুহ-হাতীৰ সংঘাত নিয়ন্ত্ৰণ তথা সংঘাতৰ আশংকা হ্ৰাস কৰিবলৈ তামুলপুৰ বনাঞ্চলত ১৪০ জন গজ মিত্ৰ মোতায়েন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
newznow.in