গুৱাহাটী, ৮ নৱেম্বৰ: বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱা লোকৰ পৰিয়াললৈ ৮ লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। দেওবাৰে এই কথা জনায় বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

মানুহ-হাতীৰ সংঘাত মোকাবিলা কৰা আৰু হাতীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আৰ্থিক সহায় আগবঢ়োৱাৰ লক্ষ্যৰে এই পদক্ষেপৰ প্ৰস্তাৱ কৰা হৈছে।

হাতী-অনুকূল গছপুলি ৰোপণৰ বাবেও ইক’লজিকেল টাস্ক ফ’ৰ্চৰ জৰিয়তে ৫০ হেক্টৰ ভূমিত বৃক্ষৰোপণ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে।

ইয়াৰ উপৰি মানুহ-হাতীৰ সংঘাত নিয়ন্ত্ৰণ তথা সংঘাতৰ আশংকা হ্ৰাস কৰিবলৈ তামুলপুৰ বনাঞ্চলত ১৪০ জন গজ মিত্ৰ মোতায়েন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ইফালে, ৮ নৱেম্বৰত গুৱাহাটীৰ দিছপুৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ, লোকনিৰ্মাণ বিভাগৰ ভৱন শাখা আৰু জনজাতি পৰিক্ৰমা বিভাগৰ বিশেষ স্থায়ী বিত্ত সমিতিসমূহৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হয় বিত্তমন্ত্ৰীগৰাকী। বৈঠকত বিত্ত বিভাগ আৰু সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। চলিত প্ৰকল্পসমূহৰ বাবে প্ৰয়োজনীয় আৰ্থিক অনুমোদন আৰু তিনিটা বিভাগৰ ভৱিষ্যৎ অগ্ৰাধিকাৰক লৈ আলোচনা হয়।