১৯৪৬ চনৰ নেহৰু-পেটেলৰ নেতৃত্বৰ প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ তুলিছে বিজেপি সাংসদ বিজুলী কলিতা মেধিয়ে।
কংগ্ৰেছৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি পুনৰ ৰাজনৈতিক আক্ৰমণ বিজেপিৰ।
বিজুলী কলিতা মেধিয়ে ১৯৪৬ চনৰ কংগ্ৰেছৰ আভ্যন্তৰীণ নেতৃত্ব নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰি এই মন্তব্য কৰে।
ঐতিহাসিক তথ্য অনুসৰি, ১৯৪৬ চনত ভাৰতৰ স্বাধীনতাৰ পূৰ্বে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।
এই প্ৰক্ৰিয়াত ১৫খন প্ৰাদেশিক কংগ্ৰেছ কমিটীৰ ভিতৰত ১২খনে চৰ্দাৰ বল্লভভাই পেটেলৰ নাম প্ৰস্তাৱ কৰিছিল বুলি ঐতিহাসিক প্ৰতিবেদনত উল্লেখ আছে।
newznow.in