গুৱাহাটী, ৮ নৱেম্বৰ, ২০২৬:

কংগ্ৰেছৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি পুনৰ ৰাজনৈতিক আক্ৰমণ বিজেপিৰ। এইবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সময়ৰ ৰাজনৈতিক ঘটনাৰ প্ৰসংগ টানি কংগ্ৰেছক সমালোচনা কৰিছে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি সাংসদ বিজুলী কলিতা মেধিয়ে। তেওঁৰ মন্তব্য, ‘জৱাহৰলাল নেহৰুৰ দিনতেই কংগ্ৰেছ দলে ভোট চুৰি কৰিছিল। কংগ্ৰেছে ভোট চুৰি নকৰা হ'লে জৱাহৰলাল নেহৰুৰ সলনি চৰ্দাৰ বল্লভভাই পেটেল প্ৰধানমন্ত্ৰী হ'লহেঁতেন।’

বিজুলী কলিতা মেধিয়ে ১৯৪৬ চনৰ কংগ্ৰেছৰ আভ্যন্তৰীণ নেতৃত্ব নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰি এই মন্তব্য কৰে। তেওঁৰ মতে, সেই সময়ত কংগ্ৰেছৰ অধিকাংশ প্ৰাদেশিক সমিতিয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ নাম সমৰ্থন কৰিছিল। তাৰ পাছতো জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হোৱাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে।

ঐতিহাসিক তথ্য অনুসৰি, ১৯৪৬ চনত ভাৰতৰ স্বাধীনতাৰ পূৰ্বে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। সেই সময়ত কংগ্ৰেছৰ সভাপতিৰ পদটো বিশেষ গুৰুত্বপূৰ্ণ আছিল, কিয়নো সভাপতিগৰাকীয়ে ব্ৰিটিছৰ অধীনত গঠন হ'বলগীয়া অন্তৱৰ্তী চৰকাৰৰ নেতৃত্ব দিয়াৰ সম্ভাৱনা আছিল।

এই প্ৰক্ৰিয়াত ১৫খন প্ৰাদেশিক কংগ্ৰেছ কমিটীৰ ভিতৰত ১২খনে চৰ্দাৰ বল্লভভাই পেটেলৰ নাম প্ৰস্তাৱ কৰিছিল বুলি ঐতিহাসিক প্ৰতিবেদনত উল্লেখ আছে। আনহাতে, কোনো এখন প্ৰাদেশিক সমিতিয়ে নেহৰুৰ নাম প্ৰস্তাৱ কৰা নাছিল বুলি প্ৰকাশ পাইছে।

১৯৪৬ চনৰ এই নেতৃত্ব নিৰ্বাচনৰ সময়ত মহাত্মা গান্ধীয়ে জৱাহৰলাল নেহৰুৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত আচাৰ্য জে বি কৃপালানীয়ে নেহৰুৰ নাম প্ৰস্তাৱ কৰে। ইয়াৰ পাছত কৃপালানী আৰু চৰ্দাৰ পেটেলে নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে।

ফলত নেহৰু বিনা প্ৰতিদ্বন্দ্বিতাৰে কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়। প্ৰায় এমাহৰ পাছত তেওঁক অন্তৱৰ্তী চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱা হয়।

উল্লেখ্য যে, ৩১ অক্টোবৰ, ২০২৬ত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰইও নেহৰু-পেটেলৰ এই ঐতিহাসিক প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছক ‘ভোট চুৰি’ৰ অভিযোগেৰে আক্ৰমণ কৰিছিল।

বিজুলী কলিতা মেধিৰ শেহতীয়া মন্তব্যই নেহৰু-পেটেলৰ ঐতিহাসিক নেতৃত্বৰ প্ৰসংগক পুনৰবাৰ সমসাময়িক ৰাজনৈতিক বিতৰ্কৰ মাজলৈ আনিছে।