নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম তিনিখন এদিনীয়াৰ বাবেও ভাৰতীয় দলত স্থান লাভ কৰিছে অকিব নবীয়ে।
নতুন দিল্লী, ৩১ অক্টোবৰঃ নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ প্ৰথম তিনিখন মেচৰ বাবেও ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে পেচ বলাৰ অকিব নবীক।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (BCCI) নিৰ্বাচক সমিতিয়ে শনিবাৰে দলৰ এই সালসলনি ঘোষণা কৰে।
অহা ৪ নৱেম্বৰৰ পৰা নিউজিলেণ্ডৰ মাটিত আৰম্ভ হ’ব পাঁচখন মেচৰ এদিনীয়া শৃংখলা।
উল্লেখ্য যে, অকিব নবীয়ে যোৱা মাহত গুৱাহাটীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত ভাৰতৰ হৈ অভিষেক ঘটাইছিল।
newznow.in