নতুন দিল্লী, ৩১ অক্টোবৰঃ নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ প্ৰথম তিনিখন মেচৰ বাবেও ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে পেচ বলাৰ অকিব নবীক। পূৰ্বে শৃংখলাৰ চতুৰ্থ আৰু পঞ্চমখন এদিনীয়াৰ বাবেহে দলত স্থান লাভ কৰিছিল জম্মু-কাশ্মীৰৰ এইগৰাকী সোঁহতীয়া পেচাৰে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (BCCI) নিৰ্বাচক সমিতিয়ে শনিবাৰে দলৰ এই সালসলনি ঘোষণা কৰে। পেচ বলাৰ প্ৰসিদ্ধ কৃষ্ণা হেমষ্ট্ৰিং আঘাতৰ পৰা সম্পূৰ্ণ সুস্থ হৈ নুঠাৰ বাবে সমগ্ৰ এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হোৱাৰ পিছতে অকিব নবীক প্ৰথম তিনিখন মেচৰ দলত অন্তৰ্ভুক্ত কৰা হয়।

অহা ৪ নৱেম্বৰৰ পৰা নিউজিলেণ্ডৰ মাটিত আৰম্ভ হ’ব পাঁচখন মেচৰ এদিনীয়া শৃংখলা। প্ৰথমখন মেচ অনুষ্ঠিত হ’ব অকলেণ্ডৰ ইডেন পাৰ্কত।

উল্লেখ্য যে, অকিব নবীয়ে যোৱা মাহত গুৱাহাটীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত ভাৰতৰ হৈ অভিষেক ঘটাইছিল। জম্মু-কাশ্মীৰৰ হৈ ঘৰুৱা ক্ৰিকেটত উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়োৱা নবীয়ে এতিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ শৃংখলাৰ আটাইকেইখনতে দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে।

প্ৰথম তিনিখন এদিনীয়াৰ বাবে ভাৰতীয় দল:

শুভমন গিল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ (সহ-অধিনায়ক), কে এল ৰাহুল, অক্ষৰ পেটেল, নমন ধীৰ, অংশুল কম্বোজ, গুৰনুৰ ব্ৰাৰ, ঋতুৰাজ গায়কোৱাড়, অৰ্শদীপ সিং, ঈশান কিষাণ, মহম্মদ ছিৰাজ, কুলদীপ যাদৱ, নীতিশ কুমাৰ ৰেড্ডী (কেৱল প্ৰথমখন মেচ) আৰু অকিব নবী।

চতুৰ্থ আৰু পঞ্চম এদিনীয়াৰ বাবে ভাৰতীয় দল:

শ্ৰেয়াছ আয়াৰ (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, তিলক বাৰ্মা, ঈশান কিষাণ (সহ-অধিনায়ক আৰু উইকেটৰক্ষক), অক্ষৰ পেটেল, নমন ধীৰ, অকিব নবী, গুৰনুৰ ব্ৰাৰ, ঋতুৰাজ গায়কোৱাড়, অৰ্শদীপ সিং, কুমাৰ কুশাগ্ৰ, মহম্মদ ছিৰাজ, যশ ঠাকুৰ আৰু কুলদীপ যাদৱ।