অসম

বিলাসীপাৰাৰ ডুবাচৰিত গছৰ ডাল বাগৰি ট’ট’ চালকৰ মৃত্যু

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

বিলাসীপাৰাৰ ডুবাচৰি দ্বিতীয় খণ্ড গাঁৱত গছৰ ডাল কাটি থকাৰ সময়ত চলন্ত ট’ট’ৰ ওপৰত ডাল বাগৰি পৰি চালক কহিনূৰ ইছলামৰ মৃত্যু হয়।

২ / ৫

বিলাসীপাৰা: বিলাসীপাৰা থানাৰ অন্তৰ্গত ডুবাচৰি দ্বিতীয় খণ্ড গাঁৱত আজি গছৰ ডাল বাগৰি পৰি এজন ট’ট’ চালকৰ থিতাতে মৃত্যু হয়।

৩ / ৫

জানিব পৰা মতে, আছৰ উদ্দিনৰ পথৰ কাষত গছৰ ডাল কাটি থকাৰ সময়তে কহিনূৰ ইছলামে নিজৰ ট’ট’খন লৈ উক্ত পথটোৰে পাৰ হৈ যাবলৈ চেষ্টা কৰিছিল।

৪ / ৫

সেই সময়তে কাটি থকা গছৰ ডাল হঠাতে চলন্ত ট’ট’খনৰ ওপৰত বাগৰি পৰে।

৫ / ৫

ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

বিলাসীপাৰাৰ ডুবাচৰিত গছৰ ডাল বাগৰি ট’ট’ চালকৰ মৃত্যু

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক