বিলাসীপাৰা: বিলাসীপাৰা থানাৰ অন্তৰ্গত ডুবাচৰি দ্বিতীয় খণ্ড গাঁৱত আজি গছৰ ডাল বাগৰি পৰি এজন ট’ট’ চালকৰ থিতাতে মৃত্যু হয়। মৃত চালকজন বোৱালকামুৰি প্ৰথম খণ্ডৰ কহিনূৰ ইছলাম।

জানিব পৰা মতে, আছৰ উদ্দিনৰ পথৰ কাষত গছৰ ডাল কাটি থকাৰ সময়তে কহিনূৰ ইছলামে নিজৰ ট’ট’খন লৈ উক্ত পথটোৰে পাৰ হৈ যাবলৈ চেষ্টা কৰিছিল।

সেই সময়তে কাটি থকা গছৰ ডাল হঠাতে চলন্ত ট’ট’খনৰ ওপৰত বাগৰি পৰে। ডালটোৰ প্ৰচণ্ড আঘাতত চালকজনৰ থিতাতে মৃত্যু হয়।

ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। পৰিয়ালৰ লোকে বিলাসীপাৰা থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।