বিদ্যুৎ মাচুল বৃদ্ধি সাধাৰণ গ্ৰাহকৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা বুলি অভিহিত কৰি সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাইছে চুতীয়া যুৱ সন্মিলন অসমে।
ঢকুৱাখনা: ৰাজ্যত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্তক জনবিৰোধী আখ্যা দি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে চুতীয়া যুৱ সন্মিলন অসমে।
দেওবাৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি কৌস্তভ কিশোৰ চুতীয়াই কয় যে, অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু সীমিত উপাৰ্জনেৰে জীৱন নিৰ্বাহৰ সংগ্ৰাম কৰি থকা সাধাৰণ লোকৰ…
তেওঁ অভিযোগ কৰে যে, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে গ্ৰাহকৰ পৰা প্ৰতিমাহে নিৰ্ধাৰিত বিদ্যুৎ বিল সংগ্ৰহ কৰাৰ পাছতো তেওঁলোকে নিৰৱচ্ছিন্ন আৰু সন্তোষজনক বিদ্যুৎ সেৱা লাভ কৰা নাই।
সংগঠনটোৱে মাচুল বৃদ্ধিৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰি প্ৰত্যাহাৰ, এই বৃদ্ধিৰ কাৰণ, বিত্তীয় তথ্য আৰু সিদ্ধান্তৰ সম্পূৰ্ণ ব্যাখ্যা ৰাজহুৱা কৰা, দৰিদ্ৰ আৰু নিম্ন আয়ৰ পৰিয়াল, শিক্ষাৰ্থী তথা…
newznow.in