ঢকুৱাখনা: ৰাজ্যত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্তক জনবিৰোধী আখ্যা দি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে চুতীয়া যুৱ সন্মিলন অসমে। সংগঠনটোৱে এই সিদ্ধান্ত তৎকালেই প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে।
দেওবাৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি কৌস্তভ কিশোৰ চুতীয়াই কয় যে, অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু সীমিত উপাৰ্জনেৰে জীৱন নিৰ্বাহৰ সংগ্ৰাম কৰি থকা সাধাৰণ লোকৰ ওপৰত পুনৰ বিদ্যুৎ মাচুলৰ বোজা জাপি দিয়াটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।
বিদ্যুৎ কোনো বিলাসী সামগ্ৰী নহয়; ই প্ৰতিটো পৰিয়ালৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য সেৱা। বাৰে বাৰে মাচুল বৃদ্ধি কৰিলে সাধাৰণ গ্ৰাহকসকল আৰ্থিক সংকটত পৰিব আৰু জনসাধাৰণৰ জীৱন-জীৱিকা অধিক জটিল হ'ব বুলি চুতীয়াই কয়।
তেওঁ অভিযোগ কৰে যে, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে গ্ৰাহকৰ পৰা প্ৰতিমাহে নিৰ্ধাৰিত বিদ্যুৎ বিল সংগ্ৰহ কৰাৰ পাছতো তেওঁলোকে নিৰৱচ্ছিন্ন আৰু সন্তোষজনক বিদ্যুৎ সেৱা লাভ কৰা নাই। সঘনাই বিদ্যুৎ কৰ্তন, নিম্ন ভল্টেজ, গ্ৰাহকৰ বিভিন্ন অভিযোগ আৰু বিতৰণ ব্যৱস্থাৰ মূল সমস্যাসমূহ সমাধান নকৰাকৈ কেৱল মাচুল বৃদ্ধিৰ জৰিয়তে ৰাজহ সংগ্ৰহত গুৰুত্ব দিয়া হৈছে বুলি তেওঁ মন্তব্য কৰে।
সংগঠনটোৱে মাচুল বৃদ্ধিৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰি প্ৰত্যাহাৰ, এই বৃদ্ধিৰ কাৰণ, বিত্তীয় তথ্য আৰু সিদ্ধান্তৰ সম্পূৰ্ণ ব্যাখ্যা ৰাজহুৱা কৰা, দৰিদ্ৰ আৰু নিম্ন আয়ৰ পৰিয়াল, শিক্ষাৰ্থী তথা ক্ষুদ্ৰ ব্যৱসায়ীসকলক বিশেষ ৰেহাই আৰু সকাহ দিয়াৰ দাবী জনাইছে। লগতে উন্নত, নিৰৱচ্ছিন্ন, মানসম্পন্ন আৰু গ্ৰাহক-অনুকূল বিদ্যুৎ সেৱা নিশ্চিত কৰাৰো দাবী তোলা হৈছে।
বিদ্যুৎ মাচুল নিৰ্ধাৰণৰ পূৰ্বে গ্ৰাহক আৰু জনসাধাৰণৰ মতামতক গুৰুত্ব দিব লাগে বুলি চুতীয়াই কয়। চৰকাৰ আৰু এপিডিচিএল কৰ্তৃপক্ষই দাবীসমূহক জৰুৰীভাৱে গুৰুত্ব নিদিলে সংগঠনটোৱে জনস্বাৰ্থৰ পৰিপন্থী সিদ্ধান্তৰ বিৰুদ্ধে ব্যাপক গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সতৰ্ক কৰি দিয়ে।